NORTHEAST NOW (Assamese)
দেশ

দূষিত পানী খাই অসুস্থ শ শ লোক! চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে আবাল-বৃদ্ধ-বণিতাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 3, 2024 7:35 pm

দূষিত পানী খাই অসুস্থ হৈ পৰিছে ২০০তকৈও অধিক লোক। নয়ডাত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।

সোমবাৰে বিয়লিৰ পৰাই গ্ৰেটাৰ নয়ডাৰ ইকো ভিলেজ-২ ছ’চাইটিত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ। ইজনৰ পিছত সিজনকৈ বাসিন্দাসকল অসুস্থ হ’বলৈ ধৰিছে।

জানি পৰা মতে, গোটেই এপাৰ্টমেণ্টটোৰ প্ৰতিটো পৰিয়ালতে কোনোবা নহয় কোনোবা এজন বেমাৰত আক্ৰান্ত হৈছে। কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

চিকিৎসকৰ মতে, দূষিত পানী খোৱাৰ ফলত সমগ্ৰ এপাৰ্টমেন্টটোত এই অৱস্থাৰ সৃষ্টি হৈছে।

বাসিন্দা সকলে জনোৱা মতে, দুদিন পূৰ্বে এপাৰ্টমেন্টটোৰ পানীৰ টেংকি পৰিষ্কাৰ কৰা হৈছিল। পৰিষ্কাৰ কৰাৰ বাবে পানীৰ টেংকিত এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল।

এই ৰাসায়নিক পদাৰ্থ সম্পূৰ্ণৰূপে পৰিষ্কাৰ নকৰাকৈয়ে টেংকিটো পানীৰে ভৰাই দিয়া হৈছিল। সেই পানী খাই অসুস্থ হৈ পৰিছে বাসিন্দাসকল।

ইয়াৰে কেইবাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, চাৰিটা শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

সকলো ৰোগীৰ লক্ষণবোৰ প্ৰায় একেই। তীব্ৰ পেটৰ বিষ আৰু বমি।

ঘটনাৰ পিছত উক্ত এপাৰ্টমেন্টৰ পানীৰ টেংকি আৰু পানীৰ সকলো নল বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।