NORTHEAST NOW (Assamese)

‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা বাক্যাংশ’ ব্যৱহাৰ নকৰিব, প্ৰমাণ সহকাৰে অভিযোগ কৰক : নিৰ্বাচন আয়োগ

August 14, 2025 3:46 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 24, 2026 2:56 pm

‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা বাক্যাংশ’ ব্যৱহাৰ নকৰিব, উপযুক্ত প্ৰমাণৰ সৈতে অভিযোগ কৰক। লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ধাৰাবাহিক আক্ৰমণক প্ৰত্যুত্তৰ দি এই মন্তব্য নিৰ্বাচন আয়োগৰ।

আজিৰ বিবৃতিত আয়োগে কয় যে যদি কাৰোবাৰ হাতত কোনো এজন ব্যক্তিয়ে নিৰ্বাচনত এবাৰতকৈ অধিক ভোটদান কৰাৰ কোনো প্ৰমাণ আছে তেন্তে সেই তথ্য লিখিত শপতনামাৰ সৈতে নিৰ্বাচন আয়োগক দাখিল কৰিব লাগে। ভাৰতৰ সকলো ভোটাৰকে কোনো প্ৰমাণ অবিহনে ‘চোৰ’ বুলি ব্ৰেণ্ড কৰা উচিত নহয়। লগতে আয়োগে কয় যে ১৯৫১-৫২ চনৰ পৰা দেশত ‘এজন ব্যক্তি, এক ভোট’ কাৰ্যকৰী হৈ আহিছে।

নিৰ্বাচন আয়োগে আৰু কয় যে ভাৰতীয় ভোটাৰক লক্ষ্য কৰি ‘ভোট চুৰি’ৰ দৰে ‘লেতেৰা শব্দ’ ব্যৱহাৰ কৰি ভুৱা অপপ্ৰচাৰ সৃষ্টি কৰাৰ চেষ্টা কেৱল কোটি কোটি ভাৰতীয় ভোটাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ নহয়, দেশৰ লাখ লাখ নিৰ্বাচনী কৰ্মীৰ অখণ্ডতাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

যোৱা ৭ আগষ্টত লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে শেহতীয়াকৈ দেশত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ কেইবাটাও পৰিসংখ্যাৰ উদ্ধৃতি দি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ২৪ জুলাইত সংবাদমেলত এই তথ্য দাখিল কৰিব বুলি তেওঁ আগতীয়াকৈ ঘোষণা কৰিছিল। ৭ আগষ্টৰ সংবাদমেলত ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে যোৱা ১০-১৫ বছৰে নিৰ্বাচনত ভোট চুৰি হৈছে। ইয়াৰ দ্বাৰা বিজেপি লাভৱান হৈছে।

সংবাদমেলত ৰাহুল গান্ধীয়ে তথ্য আৰু পৰিসংখ্যাকে ধৰি কেইবাটাও উদাহৰণ দি ‘ভোট চুৰি’ সংঘটিত হোৱা বুলি দাবী কৰে। তেওঁ কয় যে শেহতীয়াকৈ মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে ‘ভাৰত’ মিত্ৰজোঁটৰ আশংকা প্ৰমাণ কৰিছে। তাৰ পিছৰে পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বাৰে বাৰে দাবী কৰি আহিছে যে যোৱা এসপ্তাহত ‘ভোট চুৰি’ সংঘটিত হৈছে।

কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টিৰ কথা উল্লেখ কৰি বৃহস্পতিবাৰে সংবাদমেলত কংগ্ৰেছ সাংসদগৰাকীয়ে এক লাখৰো অধিক ভোট চুৰি হোৱা বুলি কয়। তেওঁ কয়, “নিৰ্বাচন আয়োগৰ তথ্য বিশ্লেষণ কৰি কংগ্ৰেছে নিশ্চিত কৰিছে যে এক লাখতকৈ অধিক ভোটাৰৰ নাম একাধিক স্থানত আছে। লগতে মহাদেৱপুৰাত ভুল ঠিকনা আৰু গণসংখ্যাৰ ভোটাৰৰ নাম দখিল কৰা হৈছে।”

সংবাদমেলত নিৰ্বাচন আয়োগক সকীয়াই দি তেওঁ কয়, “এদিন বিৰোধী দল ক্ষমতালৈ আহিব। সেইদিনা আমি আপোনাক ৰেহাই নিদিওঁ।’’

Related News