NORTHEAST NOW (Assamese)
অসম

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 22, 2021 8:06 pm

মহাৰাষ্ট্ৰৰ পৰা অসমত প্ৰৱেশ কৰিছেহি  কোভিডৰ এক ভয়ংকৰ প্ৰজাতি। দুখন ৰাষ্ট্ৰৰ কোভিডৰ লক্ষণৰ সংমিশ্ৰণ হৈছে অৰ্থাৎ ডাব’ল মিউটেন্ট।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত জনালে এই ভয়ংকৰ খবৰ।

তেওঁ জনোৱা অনুসৰি “ডিব্ৰুগড় বিমানবন্দৰত উদ্ধাৰ হৈছে ডাবল মিউটেণ্ট কোভিড ৰোগী৷ যি UK আৰু কেলিফৰ্ণিয়াৰ সংমিশ্ৰণত সৃষ্টি হৈছিল মহাৰাষ্ট্ৰত৷ মহাৰাষ্ট্ৰৰ পৰা এতিয়া এই ডাব’ল মিউটেন্ট পালেহি ডিব্ৰুগড়৷”

বৰ্তমানলৈকে কিছু লোকৰ দেহত ডিব্ৰুগড়ৰ লাহোৱালস্থিত ICMR ত এই লক্ষণৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই ভাইৰাছ লৈ মহাৰাষ্ট্ৰৰ পৰা ডিব্ৰুগড়লৈকে অহা বুলি জনায় স্বাস্থ্যমন্ত্ৰীয়ে।

এই ডাব’ল মিউটেন্টৰ নাম ‘B1617 বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

দুখন বেলেগ বেলেগ ৰাষ্ট্ৰৰ ভাইৰাছৰ মহাৰাষ্ট্ৰত সংমিশ্ৰণ ঘটি জন্ম হোৱা বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘মানুহে কয় এই ভাইৰাছ প্ৰৱেশ কৰিলে ভেকছিনেও কাম নকৰে। কিন্তু কালি লাহোৱাল ICMR য়ে ক’লে কো ভেকচিনে এই লক্ষণত কাম কৰে।‘

মহাৰাষ্ট্ৰৰ পৰা বিভিন্ন ৰাজ্যলৈ এই ভাইৰাছ সিঁচৰতি হৈ আছে বুলি তেওঁ জনায়।

সৰ্বদলীয় বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু কয় – ‘অসমত মৃত্যুৰ হাৰ .৫%ৰ তলত আছে৷ মানে পূৰ্বতকৈ মৃত্যুৰ হাৰ কম আছে। নতুন চৰকাৰ নহালৈকে আমি মাইক্ৰ’ কন্টেইনমেন্ট জ’ন, লকডাউন,  আদিকলৈ কোনো পৰীক্ষা-নিৰীক্ষা কৰিব বিচৰা নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন নহয় বুলি ক’লে যিহেতু আমি লকডাউনৰ কথা ভবাই নাই৷”