NORTHEAST NOW (Assamese)

ভুল তাৰিখতে জন্ম দিৱস পাতি সুধাকণ্ঠক সুঁৱৰিছে অসমীয়াই!

September 8, 2018 7:44 pm · এন ই নাও নিউজ
Updated: September 8, 2018 11:40 pm

৮ ছেপ্তেম্বৰৰ জন্ম দিৱসত অসমজুৰি সুধাকণ্ঠ স্মৰণ চলি থকাৰ পৰতে ধুবুৰীৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই ভূপেন হাজৰিকাই ল’ৰালিতে পঢ়া এখন বিদ্যালয়ৰ পঞ্জীয়ন বহীৰ তথ্যৰে দাবী কৰিছে যে প্ৰবাদপ্ৰতিম শিল্পীগৰাকীৰ জন্মৰ তাৰিখ ৩ মাৰ্চহে!

১৮৭৯ চনতে স্থাপিত ধুবুৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৩২ চনৰ ৬ মে’ত ৩য় শ্ৰেণীত নাম লিখাইছিল ভূপেন হাজৰিকাই। সেই নাম লিখোৱা পঞ্জীয়ন বহী আজিও অক্ষত হৈ আছে বিদ্যালয়খনত।

নাম লিখোৱাৰ সময়ত হাজৰিকাৰ বয়স ৬বছৰ ২মাহ ৩দিন বুলি অভিভাৱকে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল।

এতিয়া পঞ্জীয়ন বহীৰ সেই তথ্যৰ আধাৰত বিকাশ শৰ্মাই শিল্পীগৰাকীৰ জন্ম দিৱস ৩ মাৰ্চহে বুলি ৰাজহুৱা কৰিছে।

ধুবুৰী ল’ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্জীয়ন বহীত ভূপেন হাজৰিকাৰ নাম

‘সেই অনুসৰি তেওঁৰ জন্মৰ তাৰিখ ১৯২৬ চনৰ ৩ মাৰ্চ। ১৯৩৩ চনৰ ১৫ ফেব্ৰুৱাৰিত ভূপেনদাই ধুবুৰী হাইস্কুলৰ পৰা বিদায় লৈছিল,’ নৰ্থ ইষ্ট নাও-ক জনালে বিষয়াগৰাকীয়ে।

প্ৰয়াত শিল্পীগৰাকীৰ জন্ম পঞ্জিকাখন হেৰোৱাৰ প্ৰসংগও উল্লেখ কৰি শৰ্মাই লগতে কয় যে জন্মৰ চন ১৯২৬ বুলিয়ে দৃঢ় আছিল যদিও ‘তাৰিখটো লৈ অলপ গণ্ডগোল আছে’ বুলি খোদ ভূপেন হাজৰিকায়েই মন্তব্য আগবঢ়াই গৈছে।

ল’ৰালি কালৰ স্মৃতিৰে লিখা আত্মজীৱনীত জন্মৰ তাৰিখ ভুল হোৱাটো অস্বাভাৱিক নহয় বুলি মন্তব্য কৰি শৰ্মাই কয়, ‘এই তথ্যসমূহে তেওঁৰ ৰচনাৱলী আৰু জীৱন পঞ্জীত কিছু শুধৰণিৰ প্ৰয়োজনীয়তা প্ৰতিপন্ন কৰিছে। কাৰণ ধুবুৰীলৈ ভূপেনদাৰ পৰিয়াল ১৯৩৫ৰ পৰিৱৰ্তে ৩২তহে গৈছিল আৰু সেই অনুক্ৰমে তেওঁৰ জীৱনৰ আন তথ্যসমূহো যেনে, তেজপুৰলৈ তেওঁলোক কেতিয়া গৈছিল ইত্যাদিৰ পৰিৱৰ্তন কৰিব।’

এই তথ্যসমূহে সেয়ে ভূপেন হাজৰিকা চৰ্চাৰ ক্ষেত্ৰত নতুন পোহৰ পেলোৱাৰ সম্ভাৱনা আছে বুলি শৰ্মাই আশা প্ৰকাশ কৰিছে।

Related News