NORTHEAST NOW (Assamese)

মহানগৰীৰ গড়চুকত দিল্লী পাব্লিক স্কুলৰ বাছ দুৰ্ঘটনাগ্ৰস্ত : ১৮ গৰাকী শিক্ষাৰ্থী আহত

January 25, 2019 11:52 am · এন ই নাও নিউজ
মহানগৰীৰ গড়চুকত দুৰ্ঘটনাগ্ৰস্ত স্কুল বাছখন।

মহানগৰীৰ গড়চুকত  শুকুৰবাৰে দিল্লী পাব্লিক স্কুলৰ বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা দ্ৰুতবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিওৱাৰ ফলত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাতিপুৱা প্ৰায় ৯ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, বাছখন জালুকবাৰীৰ পৰা গড়চুক অভিমুখে আহি আছিল। দুৰ্ঘটনাটোত ১৮ গৰাকী ছাত্ৰৰ লগতে চাৰিগৰাকী শিক্ষকো আহত হয়। আহতসকলক ততাতয়াকৈ ওচৰৰ এক্সেল কেয়াৰ হাস্পাতলত ভৰ্তি কৰোৱা হয়।

আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালকজনক বাছখনৰ পৰা উদ্ধাৰ কৰি এম্বুলেন্সেৰে হাস্পাতললৈ প্ৰেৰণ কৰা হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে দ্ৰুতবেগী বাছখনে এখন বাহনক অতিক্ৰম কৰিবলৈ যাওতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

Related News