NORTHEAST NOW (Assamese)
অসম

সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে মুখ্য মন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী

Posted by: এন ই নাও নিউজ January 25, 2019 11:29 am
cm-football-trophy

‘মানৱ সমাজৰ চৰিত্ৰ নিৰ্মাণ আৰু সুস্থ মানৱ সমাজ গঢ়াৰ ক্ষেত্ৰত ক্ৰীড়াই যুগে যুগে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ নতুন প্ৰজন্মই কঠোৰ শ্ৰম আৰু সাধনাৰ জৰিয়তে উজলি উঠিব লাগিব বিশ্ব ত্ৰীড়াংগনত’। মুখ্য মন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী মুকলি অনুষ্ঠানত এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই ট্ৰফী মুকলি অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে ফুটবল প্ৰতিযোগিতাখনক লৈ আশা প্ৰকাশ কৰি কয় যে এই প্ৰতিযোগিতাখনে নতুন প্ৰজন্মৰ মাজত প্ৰতিযোগিতামূলক আৰু ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলাত যথেষ্ট পৰিমানে সহায় কৰিব।

ইয়াৰ উপৰি ক্ৰীড়াৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ চাহ বাগিচাৰ খেলুৱৈসকলক উন্নতমানৰ প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্য আগত ৰাখিয়েই দুখন ফুটবল আৰু এখন আৰ্চাৰী একাডেমি স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ট্ৰফী মুকলি অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে হিমা দাসে কঠোৰ পৰিশ্ৰমৰ বলত দেশে বিদেশে পৰিচিত হোৱাৰ লগতে যিদৰে অসমৰ বাবে সুনাম কঢিয়াই আনিছে ঠিক সেইদৰে ৰাজ্যৰ আন ক্ৰীড়াবিদেও একেই উদ্যম আৰু মনোবলেৰে খেলপথাৰত অৱতীৰ্ণ হোৱা উচিত।

আনহাতে এই ট্ৰফী মুকলি অনুষ্ঠানত চাহ জনজাতি কল্যাণ মন্ত্ৰী পল্লৱলোচন দাসেও ভাষণ প্ৰদান কৰে।