NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ অধ্যক্ষক পদত্যাগ পত্ৰ প্ৰেৰণ কৰি মাজুলীৰ বিধায়ক পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2021 2:17 pm
Sonowal resigns

সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি নিজৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 

সেইদৰে মাজুলীৰ বিধায়কৰ পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মঙলবাৰে বিধানসভাৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি মাজুলীৰ বিধায়কৰ পদ এৰিলে সোণোৱালে।

ইপিনে, ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন কাৰণত খালী হৈ থকা বিধানসভাৰ আসনসমূহৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।সেই অনুসৰি, অসমৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অহা ৩০ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

 

অহা ১ অক্টোবৰত উপ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৮অক্টোবৰ ধাৰ্য কৰা হৈছে।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ১৬ অক্টোবৰ। সেইদৰে ২ নৱেম্বৰত ভোটগণনা কৰা হ’ব।

অসমৰ গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা এই ৫টা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰেহে বিধায়কৰ পদ ত্যাগ কৰাত মাজুলীৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এতিয়া নিৰ্বাচন আয়োগে সিদ্ধান্ত ল’ব।

 

Latest News: বেলুচ বিদ্ৰোহীৰ যুদ্ধ ঘোষণা! পাকিস্তানতে বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে দেশখনৰ জনক জিন্নাৰ প্ৰতিমূৰ্তি