NORTHEAST NOW (Assamese)
Popular Stories

ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত অনুষ্ঠিত দুই দেশৰ সেনাৰ বৈঠকত কি ক’লে ভাৰতীয় সেনাই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2020 6:27 pm
image

যোৱা সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মি(পিএলএ)ৰ কামাণ্ডিং অফিচাৰ মৃত্যু হোৱা বুলি মানি লৈছে চীনে।

আজিৰ পৰা পুনৰ আৰম্ভ হোৱা দুই দেশৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকত এই কথা স্বীকাৰ কৰিছে চীনা সৈন্যই।

উল্লেখ্য যে চীনৰ সংবাদ মাধ্যমে ৪৩ জন চীনা সৈন্যৰ মৃত্যু হোৱা বুলি দাবী কৰি আহিলেও কূটনৈতিক কাৰণত চীনৰ সেনাবাহিনী আৰু বেইজিঙে সেই তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল।

আজি অনুষ্ঠিত সেনাৰ দ্বিপাক্ষিক বৈঠকত চীন সেনাৰ তৰফৰ পৰা উক্ত সংঘৰ্ষত কামাণ্ডিং বিষয়াসহ কেবাজনো চীনা সেনাৰ মৃত্যু হোৱা বুলি আনষ্ঠানিকভাৱে ঘোষণা কৰে।

লেহ অৱস্থিত ভাৰতীয় সেনাৰ ৩ নম্বৰ ক’ৰ কামাণ্ডিং বিষয়া লেফ্টেনেন্ট জেনেৰেল হৰেন্দ্ৰ সিং আৰু পিএলএৰ সমপৰ্যায়ৰ বিষয়াৰে অনুষ্ঠিত বৈঠকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ উত্তেজনা প্ৰশমনৰ বাবে দুয়োপক্ষই প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছে বুলি সেনা সূত্ৰই প্ৰকাশ কৰিছে।

সেনা সূত্ৰত প্ৰকাশ যে, আজি অনুষ্ঠিত বৈঠকত ভাৰতীয় সেনাই চীনা সেনাক ৪ মে’ৰ পূৰ্বৰ সীমান্ত অৱস্থানলৈ দুই দেশৰ সেনা বাহিনীয়ে ওভতি যোৱাৰ প্ৰস্তাৱ আগবঢ়ায়।

গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত ভাৰতে লাডাখৰ ভাৰত-চীন সীমান্তক যথেষ্ট গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটসহ সেনা বাহিনীৰ তিনি মুৰব্বীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কালি অনুষ্ঠিত বৈঠকত ভাৰতীয় সেনা বাহিনীক সীমান্তৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ “ফ্ৰী হেণ্ড” দিয়া হৈছে।