NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰৰ অনুৰোধৰ পাছত সীমাবদ্ধতাৰ মাজেৰে পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2020 6:56 pm

ওড়িশাৰ পুৰীৰ ঐতিহাসিক প্ৰভু জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰা এইবছৰ অনুষ্ঠিত কৰিব নালাগে বুলি নিৰ্দেশ দিয়াৰ এদিন পাছতে নিজৰ পূৰ্বৰ নিৰ্দেশ সলনি কৰিছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে নতুন নিৰ্দেশত পুৰীত নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ মাজেৰে পুৰীৰ ৰথ যাত্ৰা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰ চৰকাৰে আজি উচ্চতম ন্যায়ালয়ক জনসাধাৰণৰ অংশগ্ৰহণ অবিহনে ৰথ যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি দিব লাগে বুলি আহ্বান জনাইছিল।

”এয়া কোটি কোটি জনসাধাৰণৰ বিশ্বাসৰ বিষয়। যদিহে প্ৰভু জগন্নাথ কাইলৈ অলাই আহিব নোৱাৰে তেন্তে তেওঁ ১২ বছৰৰ বাবে পৰম্পৰা অনুসৰি ওলাই আহিব নোৱাৰিব,” কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক উদ্দেশ্যি কৈছিল।

ৰথ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত এদিনৰ বাবে কাৰ্ফিউ ঘোষণা কৰিব পাৰে বুলিও কেন্দ্ৰই লগতে কয়।

উচ্চতম ন্যায়ালয়ে পুৰীৰ ৰথ যাত্ৰাৰ অনুমতি দিলেও ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰ আৰু মন্দিৰ পৰিচালনা সমিতিক জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ সকীয়াই দিয়ে।