NORTHEAST NOW (Assamese)
অসম

বোকাজানত দুজন বাংলাদেশী নাগৰিক আটক আৰক্ষীৰ

Posted by: এন ই নাও নিউজ January 25, 2019 11:13 am
50513915_993572217700227_1225844418590801920_n

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভাত নাগৰিক সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত ৰাজ্যখনত চলি থকা ব্যাপক প্ৰতিবাদৰ মাজতে বৃহস্পতিবাৰে নিশা বোকাজান আৰক্ষীয়ে আটক কৰিছে দুজন বাংলাদেশী নাগৰিকক।

বোকাজান আৰক্ষীৰ দলে চলোৱা এক অভিযানত শুকানজান অঞ্চলৰ পৰা আটক হোৱা বাংলাদেশী নাগৰিক দুজনক মহম্মদ ৰাজু খণ্ডকাৰ আৰু মহম্মদ ছাহিদুল খণ্ডকাৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি ধৃত ৰাজু খণ্ডকাৰৰ ঘৰ বাংলাদেশৰ জয়পুৰহাটত আৰু ছাহিদুল খণ্ডকাকৰ ঘৰ বাগেৰহাট অঞ্চলত। অৱশ্যে, আটকাধীন বাংলাদেশী নাগৰিক দুজনে সংবাদ মাধ্যমৰ আগত কোনো বক্তৱ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

ইপিনে, বাংলাদেশী নাগৰিক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে বিদেশী আইন ১৯৪৬’ৰ অধীনত ১৪ এ (বি) নং এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।