NORTHEAST NOW (Assamese)
অসম

উত্তৰ লখিমপুৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৭ম সংখ্যক মৃত্যু বাৰ্ষিকী পালন

Posted by: ফাৰহানা আহমেদ November 5, 2018 6:10 pm
1

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৭ম সংখ্যক মৃত্যু বাৰ্ষিকী আজি সমগ্ৰ উত্তৰ লখিমপুৰত পালন কৰি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

অসমীয়া জাতিৰ এইগৰাকী বৰেণ্য ব্যক্তিগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত উত্তৰ লখিমপুৰ জিলাৰ আদৰ্শ বজাৰত দিনজোৰা কাৰ্যসূচীৰে ‘মানুহে মানুহৰ বাবে’ নামৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াতে এই মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানৰ আয়োজন কৰিছিল সদৌ অসম নিবনুৱা সন্থাই (AAUA)। সহযোগিতা আগবঢ়াইছিল বন্ধু নামৰ এটা বেচৰকাৰী সংস্থাই।  এই অনুষ্ঠানত ড০ দেৱানন্দ দত্ত, কেশৱ ভূঞা, নৰেন শৰ্মা আৰু সদৌ অসম নিবনুৱা সন্থাৰ সভাপতি খগেন ৰাজখোৱা, প্ৰতিদিন টাইমৰ লখিমপুৰ সংবাদদাতা বুবুল হাজৰিকা আদি ব্যক্তিসকল উপস্থিত আছিল। ভালেকেইগৰাকী শিল্পীয়ে ড০ হাজৰিকাৰ কেইটামান চিৰসেউজ সংগীত পৰিৱেশন কৰিছিল।