NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৫২৬টা ভূমিহীন পৰিয়ালক প্ৰদান কৰিলে মাটিৰ পট্টা

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী November 5, 2018 6:33 pm
land patta distribution

অসম চৰকাৰে দেওবাৰে আৰম্ভ কৰা ৰাজ্যৰ প্ৰায় ১১,৫০০ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা পদক্ষেপৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অধীনৰ ১৫২৬টা ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা প্ৰদান কৰা হয়।

মাটিৰ পট্টা প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যখনৰ ভূমিহীন খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যেই ৰাজ্য চৰকাৰে এই কাৰ্যসূচী হাতত লোৱা বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে।

নিজৰ ভাষণ প্ৰসংগত তেওঁ কয়, ‘অসমৰ থলুৱা ভূমিহীন পৰিয়াল সমূহক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে আমাৰ চৰকাৰ দৃঢ় প্ৰতিজ্ঞাবদ্ধ। দীৰ্ঘদিন ধৰি এইসকল খিলঞ্জীয়া লোকে মাটিৰ পট্টা নোহোৱাকৈ অসমত বসবাস কৰি আহিছিল। সেয়ে আমাৰ চৰকাৰে এইসকল ভূমিহীন পৰিয়ালক পৰ্যায় ক্ৰমে মাটিৰ পট্টা প্ৰদান কৰিবলৈ সিদ্ধান্ত লয়’।

তেওঁ লগতে গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰি কয়, ‘সমাজৰ দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁলোকৰ চৰকাৰে বিনামূলীয়া শিক্ষা ব্যৱস্থা কৰিব। অসমেই একমাত্ৰ ৰাজ্য হ’ব যত দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব’।

আজিৰ এই মাটিৰ পট্টা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদুৰী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন,  লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, নাহৰকটিয়াৰ বিধায়ক নৰেশ সোণোৱালৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।