NORTHEAST NOW (Assamese)

ডাঃ ডেথ—১০০ জনতকৈয়ো অধিক লোকক হত্যা কৰি খুৱাইছিল ঘঁৰিয়ালক

August 1, 2020 4:16 pm · এন ই নাও নিউজ

পেছাত তেওঁ চিকিৎসক।

ভাবিছিল চিকিৎসা বৃত্তিৰে সুন্দৰকৈ চলি যাব তেওঁৰ জীৱন। কিন্তু বিধিৰ বিপাক, চিকিৎসা বৃত্তিৰে তেওঁৰ দৈনিক হাজিৰাই নোলোৱা হ’ল।

সেয়ে তেওঁ চিন্তা কৰিবলৈ ধৰিলে সহজে ধন ঘটাৰ পথৰ বিষয়ে।

নিজে যিহেতু চিকিৎসক সেয়ে মানৱ দেহৰ সৈতে জৰিত ক’লা ব্যৱসায়কেই তেওঁ ধন ঘটাৰ উপায় হিচাবে বাচি ল’লে।

জীয়া মানুহৰ কিডনি বিক্ৰী কৰি তেওঁ ধনী হোৱাৰ সপোন দেখিলে।

দেশৰ বিভিন্ন প্ৰান্তত ডাঃ ডেথ হিচাবে কুখ্যাত হৈ পৰা এই লোক জন এজন আয়ুৰ্বেদিক চিকিৎসক।

নাম দেৱেন্দ্ৰ কুমাৰ শৰ্মা। মানৱ অংগৰ বেহাৰে ধনী হোৱাৰ সপোন দেখা দেৱেন্দ্ৰ কুমাৰ শৰ্মাই ১৯৯৪ৰ পৰা ২০০৪ চনৰ ভিতৰত হত্যা কৰিছে কমেও ১০০ জন লোকক।

ডাঃ ডেথৰ ক্লিনিক আছিল ৰাজস্থান,দিল্লী ,উত্তৰপ্ৰদেস আদি ৰাজ্যত।

তেওঁৰ প্ৰধান লক্ষ্য হৈ পৰিছিল ট্ৰাক আৰু টেক্সি চালক সকল।

ট্ৰাক আৰু টেক্স চালকক জালত পেলাই চিকিৎসক জনে তেওঁলোকক হত্যা কৰিছিল আৰু তেওঁলোকৰ কিডনি উলিয়াই সেয়া মানৱ অংগৰ ব্যৱসায়ীৰ হাতত তুলি দিছিল।

হত্যাৰ প্ৰমাণ নোহোৱা কৰিবলৈ চিকিৎসক শৰ্মাই মৃতদেহ বোৰ পেলাই দিছিল ঘঁৰিয়ালে বিচৰণ কৰি ফুৰা উত্তৰ প্ৰদেশৰ কাশগঞ্জৰ হাজাৰা কেনেলত।

এনেদৰে প্ৰায় ১০০ জনতকৈয়ো অধিক লোকক হত্যা কৰি ঘঁৰিয়ালক খুওৱা ডাঃ ডেথ এদিন আৰক্ষীৰ জালত পৰিল। শেহতীয়াকৈ তেওঁক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

Related News