NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহলৈ পুনৰ নতুন নিৰ্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰিলে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্বই

April 26, 2021 5:39 pm
Assam-Schools-to-remain-closed-till-31st-May

কৰোনা ৰোগীৰ সংখ্যা ১০০ পাৰ হ’লেই অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব। এউ কথা ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজি GMCH ত সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিবোৰ জিলাত 100 কৈ অধিক ক’ৰ’না আক্ৰান্ত হোৱা লোক আছে সেইবোৰ জিলাত অষ্টম শ্ৰেণীলৈ বিদ্যালয় সমূহ বন্ধ থাকিব বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে চৰকাৰে ১০০ তকৈ অধিক ক’ৰ’না আক্ৰান্ত ৰোগী থকা জিলা সমূহত পঞ্চম শ্ৰেণীলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল।

এতিয়া নৱম, দশম , একাদশ, দ্বাদশ আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহহে মাত্ৰ খোলা থাকিব বুলি তেওঁ কয়।