NORTHEAST NOW (Assamese)
Popular Stories

ৰাঘৱ চাড্ডাৰ বিজেপিত যোগদান: Gen Z-ৰ ক্ষোভৰ ফলত এদিনতে হেৰুৱালে ১০ লাখ ইনষ্টাগ্ৰাম ফল’ৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2026 2:52 pm

ৰাঘৱ চাড্ডাই আম আদমী পাৰ্টী ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে ৰাজনৈতিক মহলত এক ডাঙৰ জোকাৰণিৰ সৃষ্টি হৈছে। তেওঁৰ লগতে আপৰ আন ছয়জন সাংসদকো তেওঁ বিজেপিলৈ লৈ যায়। কিন্তু তেওঁৰ এই সিদ্ধান্তক যুৱ প্ৰজন্মই, বিশেষকৈ জেন জেডে একেবাৰেই সহজভাৱে লোৱা নাই। যাৰ ফলত তেওঁৰ জনপ্ৰিয়তাত এক ডাঙৰ আঘাত পৰিছে।

বৰ্তমানৰ ডিজিটেল যুগত ছ’চিয়েল মিডিয়াৰ অনুগামীৰ সংখ্যাই এজন নেতাৰ জনপ্ৰিয়তা প্ৰমাণ কৰে। তথ্য অনুসৰি, বিজেপিত যোগদান কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাই ইনষ্টাগ্ৰামত প্ৰায় দহ লাখ অনুগামী হেৰুৱাইছে। শুকুৰবাৰে তেওঁৰ অনুগামীৰ সংখ্যা আছিল এক কোটি ছেচল্লিছ লাখ, কিন্তু শনিবাৰে দুপৰীয়া এক বজাত সেই সংখ্যা এক কোটি পঁয়ত্ৰিশ লাখলৈ হ্ৰাস পায়।

ৰাজনৈতিক বিশ্লেষকসকলে কৈছে যে যুৱক-যুৱতীসকলে ৰাঘৱ চাড্ডাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এন চি পিৰ মুখপাত্ৰ অনিশ গাৱণ্ডে টুইট কৰি জনায় যে ইনষ্টাগ্ৰামত ভাইৰেল হোৱা জেন জেডৰ আনফ’ল’ অভিযানৰ বাবেই তেওঁৰ ইমান সংখ্যক অনুগামী কমি গৈছে। তেওঁ লগতে কয় যে ইণ্টাৰনেটে মানুহক ৰাতিটোৰ ভিতৰতে নায়ক বনাব পাৰে আৰু একেদৰে ৰাতিটোৰ ভিতৰতে শূন্যলৈ নমাই আনিব পাৰে।

যুৱ প্ৰজন্মৰ মাজত ৰাঘৱ চাড্ডা যথেষ্ট জনপ্ৰিয় আছিল। কাৰণ তেওঁ সদায় সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সমস্যাবোৰৰ বিষয়ে মাত মাতিছিল। পিতৃত্বৰ ছুটী, যান-বাহনৰ সমস্যা, ইণ্টাৰনেট ডাটাৰ সীমা, বিমানবন্দৰত দামী চামোচা আৰু দহ মিনিটৰ ডেলিভাৰীৰ নামত কৰ্মীক শোষণ কৰা আদি বিষয়বোৰ তেওঁ উত্থাপন কৰিছিল। আনকি এদিন তেওঁ ডেলিভাৰী বয় হিচাপে কাম কৰি তেওঁলোকৰ কষ্ট বুজিবলৈ চেষ্টা কৰিছিল। এইবোৰ কাৰণেই তেওঁক আন নেতাতকৈ বেলেগ বুলি ভবা হৈছিল।

যেতিয়া তেওঁক আপৰ পৰা আঁতৰোৱা হৈছিল, তেতিয়া তেওঁ যুৱ প্ৰজন্মৰ পৰা বহুত সমৰ্থন পাইছিল। কোনোবাই তেওঁক নিজাকৈ এটা জেন জেড পাৰ্টি খুলিবলৈও পৰামৰ্শ দিছিল। এজন ব্যৱহাৰকাৰীয়ে আগতেই কৈছিল যে তেওঁ যদি আন দললৈ যায়, তেন্তে মানুহৰ ঘৃণাৰ বলি হ’ব। অৱশেষত তেওঁ বিজেপিক বাছি ল’লে আৰু মানুহৰ সমৰ্থনো সলনি হ’বলৈ ধৰিলে।

বৰ্তমান ছ’চিয়েল মিডিয়াত তেওঁক আনফ’ল’ কৰাৰ এক ট্ৰেণ্ড চলিছে। পৰ্বতাৰোহী ৰোহতাশ খিলেৰীৰ দৰে ব্যক্তিয়েও তেওঁক আনফ’ল’ কৰিছে। ৰাজনৈতিক মন্তব্যকাৰী দীক্ষা কাণ্ডপালেও এই বিষয়ে টুইট কৰিছে। আনহাতে, আপৰ জ্যেষ্ঠ নেতা সৌৰভ ভৰদ্বাজে আঙুলিয়াই দিছে যে ৰাঘৱ চাড্ডাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিক সমালোচনা কৰা সকলো পুৰণি পোষ্ট ডিলিট কৰিছে। এতিয়া তেওঁৰ টাইমলাইনত কেৱল প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰা দুটামান পোষ্টহে বাকী আছে। এই পৰিস্থিতিত তেওঁ পুনৰ যুৱ প্ৰজন্মৰ মাজত নিজৰ জনপ্ৰিয়তা ঘূৰাই পাবনে নাই সেয়া সময়তহে গম পোৱা যাব।