NORTHEAST NOW (Assamese)
অসম

যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা, আৰক্ষী থানাত গোচৰ পঞ্জীয়ন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 18, 2019 10:19 pm
Screenshot_20190718_213753

তিনিচুকীয়া জিলাৰ জাগুনৰ সাংবাদিক ৰিতুপৰ্ণ ভূঞাই আজি সন্ধ্যা ডিগবৈৰ পৰা জাগুন অভিমুখে যোৱা বাছত তিনিগৰাকী যুৱতীক অশালীন ব্যৱহাৰৰ লগতে শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সুৰামত্ত ভূঞাৰ ব্যৱহাৰত অতিষ্ঠ হৈ যুৱতী কেইগৰাকীয়ে চিঞৰ-বাখৰ কৰাত বাছখনৰ যাত্ৰীসকলে সাংবাদিকগৰাকীক লপা-থপা দি মাৰ্ঘেৰিটাৰ বাছ আস্থানত নমাই আৰক্ষীক গটাই দিয়ে।

ভূঞাই সাংবাদিক পৰিষদ, অসম নামৰ সংগঠন এটাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বুলি জনা গৈছে। দুয়োপক্ষৰ আলোচনাৰ অন্তত আৰক্ষীয়ে মাৰ্ঘেৰিটা থানাত ভাৰতীয় দণ্ডাবিধি আইনৰ ২০০/১৯ ৰ অধীনৰ ২৯৪ a / ৩৫৪/ ৫০০ নম্বৰত গোচৰ ৰজু কৰি ভূঞাক মুকলি কৰি দিয়ে।

ইতিমধ্যে,সাংবাদিকগৰাকী জড়িত হৈ থকা বৈদ্যুতিক সংবাদ মাধ্যমটোৱে ভূঞাক তাৎক্ষণিক ভাৱে অব্যাহতি দিয়ে।ঘটনা সন্দৰ্ভত ভূঞাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মাতাল সাংবাদিকজনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে।

এগৰাকী সংবাদ মাধ্যমৰ দায়িত্বশীল লোকে এনেদৰে সুৰা পান কৰি মাতাল হৈ কৰা কাণ্ড কাৰখানাই মাৰ্ঘেৰিটাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।