NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী August 11, 2022 8:11 pm
independence day Hiren Gohain

“ৰাষ্ট্ৰখনৰ মালিক যেন জনসাধাৰণ নহয়, কিছুমান ক্ষমতাশালী মহল, তেনেকুৱা এটা ধাৰণা ৰাইজৰ মাজত প্ৰচাৰ চলোৱাৰ চেষ্টা চলোৱা হৈছে”- আজি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত স্বাধীনতা, গণতন্ত্ৰ আৰু ৰাষ্ট্ৰক লৈ আশা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় বিশিষ্ট বুদ্ধিজীবী ড০ হীৰেন গোহাঁয়ে।

“তেওঁলোকে এনেকুৱা ধৰণে কাম কৰে যাতে গোটেই দেশখন তেওঁলোকৰ দখললৈ গুচি যাব” বুলি মন্তব্য কৰি ড০ গোহাঁইয়ে লগতে এনে হোৱাৰ পাছত জনগণৰ মঙ্গল, ইচ্ছা-অনিচ্ছা বিষয়টো গুৰুত্বপূৰ্ণ নহ’ব বুলি আঙুলিয়াই দিয়ে।

তেওঁ লগতে কয় “আমাৰ দেশে বা জনগণে ২০০ বছৰীয়া ব্ৰিটিছৰ ৰাজত্ব ওফৰাই পেলোৱাৰ পাছত স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ বিচাৰিছিল। যাৰ মালিক বিদেশী শক্তি নহ’ব, কেৱল দেশৰ জনগণ হ’ব।”

বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে কয় যে ৰাষ্ট্ৰখন কোনো দলৰ নহয়, ৰাষ্ট্ৰখন কোনো বিশেষ ব্যক্তিৰ নহয়। ৰাষ্ট্ৰখন ভাৰতৰ জনসাধাৰণৰ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত জনগণৰ ইচ্ছা সাপেক্ষে, জনগণৰ মঙ্গলাৰ্থে আৰু সন্মতি সাপেক্ষে শাসন চলিব বুলি তেওঁ লগতে দোহাৰে।

ইপিনে, স্বাধীনতা গণতন্ত্ৰ আৰু ৰাষ্ট্ৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি ড০ গোহাঁয়ে ‘এতিয়া এই গোটেইবোৰৰ অৰ্থ খেলি মেলি হৈ যাব ধৰিছে’ বুলি ক্ষোভ প্ৰকাশ কৰে।

এই ক্ষতিকৰ আৰু বিকৃত ধাৰণাৰ বিৰুদ্ধে ৰাইজ সচেতন হ’ব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে।