NORTHEAST NOW (Assamese)
অসম

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2022 8:23 pm

উচ্চতম ন্যায়ালয়ে কৰদাতাৰ এক সৰ্বভাৰতীয় সংগঠন গঠনৰ বাবে এখন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হ’ব। ন্যায়ালয়ে কয় যে যিখন চৰকাৰেই শাসন নকৰক কিয়, এই সংগঠনৰ অনুমোদন অবিহনে কোনো চৰকাৰকে হিতাধিকাৰী সৃষ্টিৰ নামত বিবেকহীন কার্য সংঘটিত কৰিবলৈ দিয়া নহব।

উচ্চতম ন্যায়ালয়ে কয় যে এতিয়াৰে পৰা বিনামূলীয়া বিদ্যুৎ, বিনামূলীয়া পানী, বিনামূলীয়া যিকোনো সামগ্ৰী বিতৰণ, ঋণ ৰেহাই ঘোষণা আদি কৰিব নোৱাৰিব। যিহেতু ধন, কৰ পৰিশোধৰ সৈতে জড়িত, গতিকে কৰদাতাসকলৰ ইয়াৰ ব্যৱহাৰ নিৰীক্ষণ কৰাৰ অধিকাৰ থাকিব লাগে।

ভোটৰ বাবে হিতাধিকাৰী সৃষ্ট কৰি বিনামূলীয়াকৈ বিতৰণেৰে ৰাজনৈতিক দলসমূহে জনসাধাৰণক প্ৰলোভিত কৰি যোৱাটোৱে দেশৰ নাগৰিকক উপকৃত নকৰে। যদি এই পৰিকল্পনা ঘোষণা কৰা হয়, তেন্তে চৰকাৰে প্ৰথমে নিজৰ ব্লুপ্ৰিণ্ট এই সাংগঠনক দিব লাগিব আৰু উক্ত সংগঠনৰ পৰা সন্মতি ল’ব লাগিব।

সাংসদ-বিধায়কৰ দৰমহা আৰু তেওঁলোকে লাভ কৰা অন্যান্য সুবিধাৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য হ’ব লাগে। সংসদৰ কাম-কাজত ব্যাঘাত জন্মাবলৈ সাংসদ, বিধায়কক জবাবদিহি কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰো কৰদাতাসকলৰ থাকিব লাগে।

আনহাতে, এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে ক্ষমতাত থকা ৰাজনৈতিক দলসমূহে কেৱল ভোট বেংকৰ স্বাৰ্থত বিনামূলীয়াকৈ মানুহক সামগ্ৰী বিতৰণ কৰিছে। দল আৰু চৰকাৰৰ লক্ষ্য কেৱল হিতাধিকাৰী সৃষ্টি কৰা।

ডঃ শইকীয়াই লগতে কয় যে সাধাৰণ খাটি খোৱা মানুহক কৰ্ম সংস্কৃতিৰ বিপৰীতে এলেহুৱা আৰু দুৰ্ব্বল কৰি তোলা এই বিনামূলীয়া বিতৰণ ব্যৱস্থাটো বহু আগতেই বন্ধ কৰিব লাগিছিল।

তেওঁ লগতে কয় যে এই ব্যৱস্থাই মানুহক অকামিলা বনাইছে। তেওঁলোকে সকলো বিনামূলীয়াকৈ পাব বিচাৰে। আগন্তুক ৬ মাহৰ ভিতৰত যদি এই সন্দৰ্ভত কোনো পদক্ষেপ লোৱা নহয়, তেন্তে ভাৰত শ্ৰীলংকা হ’বলৈ বেছি সময় নালাগিব বুলিও তেওঁ মন্তব্য কৰে।