NORTHEAST NOW (Assamese)
অসম

বৰ্ণাভিমানী অসমীয়াৰ পৰা কোনোদিনে প্ৰাপ্য সন্মান নাপালে ইন্দিবৰ দেউৰীয়ে: হীৰেন গোহাঁই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2023 1:06 pm
Indibar Dewri

আমাৰ দীৰ্ঘদিনৰ সহকৰ্মী ইন্দিবৰ দেউৰীয়ে তেওঁৰ ব্যক্তিত্ব, পাণ্ডিত্য আৰু seriousnessৰে আমাক মুগ্ধ কৰি ৰাখিছিল। জনজাতীয় অবিসম্বাদী নেতা ভীমবৰ দেউৰীৰ সুযোগ্য সন্তান ইন্দিবৰ দেউৰী নিঃসন্দেহে অসমৰ এজন শীৰ্ষস্থানীয় বিদ্বান আৰু বুদ্ধিজীৱী আছিল। কিন্তু বৰ্ণাভিমানী অসমীয়াৰ পৰা কোনোদিনে সেই সন্মান নাপালে। জনজাতীয় সকলৰ হক আৰু মৰ্যাদাৰ হৈ আজীৱন বৌদ্ধিক যুদ্ধ চলোৱা দেউৰীৰ ন্যায়বোধ আৰু স্পষ্টবাদিতাক জনজাতীয় নেতাসকলেও ভয় কৰি এৰাই চলিছিল। ফল কিন্তু জনজাতিৰ বাবেই বৰ ক্ষতিকৰ হব, সন্দেহ নাই।

দেউৰীৰ দূৰদৰ্শিতাৰ এটা উদাহৰণ দিলেই যথেষ্ট হব। তাহানি আমি নিজে ভূপেন হাজৰিকাৰ চৰম ৰাজনৈতিক সুবিধাবাদ আৰু যি কোনো শাসকৰ লগত হলিগলি কৰি সুবিধা আদায় কৰাৰ প্ৰবৃত্তি দেখি তিক্তবিৰক্ত হৈ তেওঁক উগ্ৰ ভাষাত ধিক্কাৰ দিছিলোঁ। আমাৰ দৰে আন কিছুমান বামপন্থী লেখকেও তেওঁক গালিশপনি পাৰিছিল। ফলত অসমীয়া সংস্কৃতিলৈ তেওঁৰ বিৰাট অবদান অগ্ৰাহ্য কৰা হৈছিল।

দেউৰীয়ে ‘সাম্প্ৰতিক সাময়িকী’ত ৰুবি দেউৰী নাম লৈ এটা সূক্ষ্মদৰ্শী যুক্তিপূৰ্ণ প্ৰবন্ধ লিখি বিচাৰৰ ভাৰসাম্য ঘূৰাই আনিছিল। তাত হাজৰিকাৰ অবদানৰ প্ৰতি যথাযথ স্বীকৃতি জনায়ো তেওঁৰ ব্যৱসায়িক সুবিধাবাদৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিয়া হৈছিল। সেই পথেদি গৈ থাকিলে বম্বেইতে (আজিৰ মুম্বাই) তেওঁৰ শেষ আশ্ৰয় হব বুলি সকীয়নি দিয়া হৈছিল। ৰাইজে জানে যে হৈছিলো সেয়াই!