NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি চিৰদিন শাসনত নাথাকে, কংগ্ৰেছ চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল ভুলি ভবাটো হাস্যকৰ : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2023 2:45 pm

ভাৰত জোড়ো যাত্ৰাৰ ব্যাপক সহাঁৰি আৰু সফলতাৰ পিছত সম্প্ৰতি ব্ৰিটেইন ভ্ৰমণত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সোমবাৰে সন্ধিয়া লণ্ডনত অনুষ্ঠিত এক অনুস্থানত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে কয় যে বিজেপি চিৰদিনৰ বাবে ক্ষমতাত থাকিব আৰু কংগ্ৰেছ চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল ভুলি ভবাটো হাস্যকৰ।

কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ ব্যৰ্থতাৰ বিষয়েও মুকলিকৈ কয় ৰাহুল গান্ধীয়ে। ৰাহুলে কয়, “ইউপিএ মিত্ৰজোঁটে গাঁৱৰ প্ৰতি অধিক গুৰুত্ব দিছিল যদিও চহৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল আৰু সেইবাবেই মানুহে এই মিত্ৰতা মানি লোৱা নাছিল।

ৰাহুল গান্ধীয়ে কয়, “বিজেপি ১০ বছৰ ক্ষমতাত থকাৰ আগতে কংগ্ৰেছ ১০ বছৰ ক্ষমতাত আছিল। বিজেপিয়ে বিশ্বাস কৰি ভাল পায় যে তেওঁলোক চিৰদিনৰ বাবে ক্ষমতাত থাকিব। তেনেকৈ ভবাটো ভুল। আৰু যিসকলে কংগ্ৰেছৰ সময় শেষ বুলি ভাবে তেওঁলোকক মই ক’ম যে আপোনালোকৰ ধাৰণাটো হাস্যকৰ।”

ৰাহুলে লগতে কয় যে স্বাধীনতাৰ পৰা বৰ্তমান সময়লৈকে চালে দেশত বেছিভাগ সময় কংগ্ৰেছেই ক্ষমতাত আছে।