NORTHEAST NOW (Assamese)

মাধ্যম বিভ্ৰাট আৰু লাভলিনাৰ পৰাজয়: ডঃ হীৰেন গোহাঁই

August 5, 2022 11:52 am · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে তৃতীয় শ্ৰেণীত গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়ুৱাৰ সিদ্ধান্তকলৈ ৰাজ্যত চলি থকা বিতৰ্ক আৰু কমনৱেলথ গেমছত লাভলিনা বৰগোঁহাইৰ পৰাজয় সম্পৰ্কত নিজৰ মতামত প্ৰকাশ কৰি বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়ে অসমবাসীলৈ এক বাৰ্তা আগবঢ়াইছে। পাঠকৰ বাবে এই বাৰ্তাৰ সম্পূৰ্ণ পাঠ আগবঢ়োৱা হ’লঃ-

অসমীয়া ভাষাৰ ঠাইত তৃতীয় মানৰ পৰা ইংৰাজীত গণিত আৰু বিজ্ঞান পঢ়ুৱাৰ টোঘলকী ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন বাতৰিকাকতত যিবোৰ চিঠি ওলাই আছে, তাৰ শতকৰা আঠান্নব্বৈ খনতে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অতি সবল যুক্তি দিয়া হৈ আছে। চৰকাৰক সমৰ্থন‌ কৰা দুই চাৰি জনে মাত্ৰ ‘আধুনিক যুগৰ দাবী’, বা ‘গণিত বিজ্ঞান ইংৰাজীতে পঢ়াবলৈ ভাল’,আদি অস্পষ্ট, দুৰ্বল যুক্তি দিছে। অৰ্থাৎ‌ আমাৰ ৰাইজে বাস্তৱ সত্যটো বুজি পাইছে। ইয়াতে সামৰণি পেলালে কিন্তু ৰণ জিকা নহ’ব।

প্ৰথমতে বিবৃতি, সম্বাদমেল, ভাষণতে আবদ্ধ থাকিলে তেনে চিঞৰ বাখৰ কৰাত ওস্তাদ নেতা বিলাকে পিছত কোন পাকত চৰকাৰৰ লগত হাত মিলাই আৰামত সান্দহ খাবলৈ লয়, ঠিকনা নাই। দ্বিতীয়তে গাৱে-ভূঞে থকা আৰ এছ এছৰ মানুহে গঞা ৰাইজৰ আগত ইংৰাজীত পঢ়াৰ সুফল সম্পৰ্কে তলে তলে প্ৰচাৰ চলাই তেওঁলোকক ইংৰাজীৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে।

সেয়ে জনাবুজা সকলে গাওঁ ভূইত অভিভাৱক সকলৰ মাজত প্ৰচাৰ চলাই তেওঁলোকৰ সন্তানৰ ভবিষ্যত সুৰক্ষিত কৰাৰ উপৰি জাতীয় ভাষা ৰক্ষা কৰিব লাগিব। নেতৃত্বলৈ ৰৈ থাকিলে খালত পৰিব লাগিব। নেতাই যি কৰে কৰক, ৰাইজে হে বঠা এৰিব নালাগে।

এতিয়া লাভলিনাৰ ব্যৰ্থতা প্ৰসঙ্গ। আৰম্ভণিৰ পৰা লাভলিনাক মূৰত লৈ‌ নচাৰ কাৰবাৰটোৰ মই বিৰোধিতা কৰিছোঁ। এনে‌ অতিমাত্ৰা প্ৰচাৰে প্ৰতিভা কলিতে বিনাশ কৰে। খেলুৱৈৰ মন খেলৰ পৰা আঁতৰাই নিজৰ বিষয়ে অতি উচ্চ ধাৰণাত নিমগ্ন কৰে। তাৰ ফল বেয়াই হয়।

লাভলিনাই মাজতে ফে’চবুকত আপত্তি কৰিছিল যে সম্বৰ্ধনা, বিজ্ঞাপন, মডেলিঙত ব্যস্ত ৰাখি তেওঁক খেলৰ অনুশীলনৰ পৰা আঁতৰাই ৰখা হৈছে। ইয়াত তেওঁৰ ইচ্ছাক গুৰুত্ব দিয়া হোৱা নাছিল। অসমৰ কোনেও গুৰুত্ব নিদিলে।

তেনেকৈ খেলৰ আঠ দিন আগলৈকে তেওঁৰ coachক তেওঁৰ পৰা আঁতৰাই ৰাখি উপযুক্ত প্ৰশিক্ষণ আৰু অনুশীলনত বিঘিনি ঘটোৱা হৈছিল। প্ৰতিবাদ কৰা বাবে তেওঁ ওপৰৰ ক্ৰীড়া বিষয়াৰ গঞ্জনাৰ পাত্ৰী হৈছিল।

এইবোৰ তথ্যই প্ৰমাণ কৰে তেওঁৰ খেলৰ মান ধ্বংস কৰিবলৈ এক পৰিকল্পিত প্ৰচেষ্টা চলোৱা হৈছিল। তেওঁ কিছু গম পাই প্ৰতিবাদো কৰিছিল। ফলত চক্ৰান্তকাৰী অধিক নিৰ্মম হৈছিল।

কোন সেই চক্ৰান্তকাৰী? অসমৰ ভাল নেদেখা বাহিৰৰ কোনো ব্যক্তি বা শক্তি? ক্ৰীড়া বিভাগত থকা ইৰ্ষাপৰায়ণ মহল? ধূৰ্ত ৰাজনীতিবিদ?

অসমৰ জনাবুজা সকলেই নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিব পাৰে। লাভলিনা শেষ হৈ যোৱা নাই। এতিয়াও তেওঁৰ প্ৰচুৰ সম্ভাৱনা আছে। প্ৰচাৰৰ পৰা আঁতৰাই ভাল প্ৰশিক্ষকৰ দ্বাৰা অনুশীলন‌ কৰালে তেওঁ আকৌ জিলিকি উঠিব। আনহাতে এই পৰাজয়ৰ সুযোগতে তেওঁক অবহেলা কৰিলে এটি প্ৰতিভা অলপ কথাতে নুমাই যাব।

ইতি

হীৰেন গোহাঁই

Related News