NORTHEAST NOW (Assamese)

ভাল খবৰ! প্ৰথম অসমীয়া হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পালে ড০ ৰূপম শৰ্মাই

April 12, 2023 7:12 am · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ড০ ৰূপম জ্যোতি শৰ্মা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া হিচাপে পৰিগণিত হৈছে।

ড০ শৰ্মাক হোৱাইট হাউছ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেলো (পিআইএফ) হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাষ্ট্ৰপতি ইনোভেচন ফেলো (পিআইএফ) হৈছে কৌশলগত জ্যেষ্ঠ উপদেষ্টাৰ এটা গোট যিয়ে সিদ্ধান্ত গ্ৰহণকাৰী সংস্থাৰ নেতাসকলৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে।

তেওঁলোক সাধাৰণতে এজেন্সীৰ অসামৰিক সেৱাৰ কৰ্মচাৰীৰ প্ৰতিষ্ঠানিক জ্ঞান থকা বিষয় বিশেষজ্ঞ।

ডাঃ ৰূপম জ্যোতি শৰ্মাই “এডভান্সড ৰিচাৰ্চ প্ৰজেক্টছ এজেন্সী ফৰ হেল্থ” (ARPA-H)ৰ বাবে সংস্থাটোৰ দায়িত্বত আছে।

১০ এপ্ৰিলত শপত গ্ৰহণ কৰা ৰূপমে ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া “হোৱাইট হাউছ ৱেলকাম” অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ড° ৰূপম জ্যোতি শৰ্মাৰ ঘৰ অসমৰ যোৰহাটত। তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। বৰ্তমান তেওঁ কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টোৰ বাসিন্দা।

ৰূপমে আমেৰিকালৈ গৈ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ, ব্যৱস্থাপনাত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰি কৃত্ৰিম বুদ্ধিমত্তা আৰু অটিজিমৰ ওপৰত গৱেষণা কৰে।

তেওঁ পিআইএফ ২০২৩ৰ বাবে নিযুক্তি পোৱাৰ পূৰ্বে কেলিফৰ্ণিয়াত মুখ্য তথ্য বিষয়া (চিআইঅ’) হিচাপে কাম কৰি আছিল।

উল্লেখযোগ্য যে ড° শৰ্মাৰ বাহিৰেও প্ৰযুক্তি, স্বাস্থ্যসেৱা সংস্থা, বিত্তীয় সেৱাকে ধৰি  বহুতত বিভিন্ন ক্ষেত্ৰৰ পৰা আন ঊনৈশজন পিআইএফ ফেলোক নিৰ্বাচিত কৰা হৈছে।

Related News