NORTHEAST NOW (Assamese)

পৰিয়ালক সময় দিয়াৰ বাবেই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ প্ৰত্যাখান কৰিছিল ৰাহুল দ্ৰাবিড়ে

July 6, 2020 6:13 pm · এন ই নাও নিউজ
Updated: July 6, 2020 6:14 pm
ৰাহুল দ্ৰাবিড়

ভাৰতীয় ক্ৰিকেট দলৰ পৰামৰ্শদাতা সমিতিৰ প্ৰাক্তন সচিৱ বিনোদ ৰায় ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল বুলি মন্তব্য কৰে।

ৰাহুল দ্ৰাবিড় ২০১৭ চনৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক পদৰ বাবে এগৰাকী অন্যতম প্ৰতিদ্বন্দ্বি আছিল যদিও দ্ৰাবিড়ে নিজেই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ বাবে অনিচ্ছা ব্যক্ত কৰে।

‘‘দ্ৰাবিড়ে কৈছিল, চোৱা মোৰ দুজন ল’ৰা ডাঙৰ হৈ আহিছে আৰু মই তেওঁলোকক সময় দিবলৈ পৰা নাই…….মই ভাবো মই এতিয়া ঘৰত থকাটো উচিত আৰু পৰিয়ালক সময় দিয়াটো দৰকাৰ,’’ ৰাহুল দ্ৰাবিড়ৰ মন্তব্যৰ উদ্ধৃতি দি বিনোদ ৰায়ে কয়।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন ৰাহুল দ্ৰাবিড়ে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰূপে থকাৰ পূৰ্বে ৰাহুল দ্ৰাবিড়ে ভাৰতীয় অনুৰ্ধ-১৯ ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰি আছিল।

২০১৭ চনত অনিল কুম্বলেৰ পদত্যাগৰ পাছত ৰবি শাস্ত্ৰী ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল।

ৰবি শাস্ত্ৰী তেতিয়াৰ পৰা বৰ্তমানলৈ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে।

Related News