NORTHEAST NOW (Assamese)
অসম

ডি আৰ ডি অ’ই সফলভাৱে পৰীক্ষণ সম্পন্ন কৰিলে এণ্টি চাবমেৰিণ অস্ত্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 5:36 pm

ভাৰতে ইয়াৰ নৌ সেনা বাহিনীৰ সক্ষমতা বৃদ্ধি কৰিছে। ভাৰতে সোমবাৰে সফলভাৱে এণ্টি চাবমেৰিন অস্ত্ৰৰ পৰীক্ষণ সম্পন্ন কৰে।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই এই এণ্টি চাবমেৰিণ অস্ত্ৰৰ বিকাশ কৰি উলিয়াইছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ৰ বিজ্ঞানী সকলক এই সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

‘‘ডি আৰ ডি অ’ আৰু ইয়াৰ বিজ্ঞানী সকলৰ এই বিশেষ সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো,’’ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে টুইট কৰে।

ডি আৰ ডি অ’ৰ সঞ্চালক জি শতীশ ৰেড্ডীয়ে কয় যে যুদ্ধক্ষেত্ৰত ‘স্মাৰ্টে’ নিৰ্ণায়ক ভূমিকা পালন কৰিব।

আজি ওড়িশাৰ উপকূলত ১১.৪৫ মিনিটত স্মাৰ্ট নামৰ এণ্টি চাবমেৰিণ অস্ত্ৰৰ সফলভাৱে পৰীক্ষণ সম্পন্ন কৰা হয়।

ডি আৰ ডি অ’ই সফলভাৱে পৰীক্ষণ সম্পন্ন কৰা এণ্টি চাবমেৰিণ অস্ত্ৰৰ পৰা প্ৰয়োগ কৰা মিছাইলে চাবমেৰিণৰ টৰপেড’ৰ ৰেঞ্জৰ বাহিৰত থাকি চাবমেৰিণত আঘাত হানিব পাৰিব।