NORTHEAST NOW (Assamese)
Popular Stories

ৱৰ্ক ফ্ৰম হোম নহয়, এইবাৰ ৱৰ্ক ফ্ৰম মাউণ্টেইন!: এখন ৰাজ্যৰ আকৰ্ষণীয় ঘোষণা, আপুনিও গ্ৰহণ কৰিব পাৰিব এই সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2020 5:32 pm
remote_companies_offering-_perks_dream_job-640x300

ক’ৰ’ণা কালত দেশৰ বিভিন্ন বেচৰকাৰী আৰু চৰকাৰী প্ৰতিষ্ঠানে কিছুসংখ্যক কৰ্মচাৰীক ঘৰৰ পৰা কৰ্তব্য পালনৰ সুবিধা প্ৰদান কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত ল’কডাউন শিথিলকৰণ আৰু আনল’ক আৰম্ভ হোৱাৰ পিছত কৰ্মচাৰীসকলৰ সেই সুবিধা প্ৰায় বিলুপ্ত কৰাৰ দৰেই হৈছে।

কিন্তু ইয়াৰ মাজতে দেশৰ এখন ৰাজ্যৰ চৰকাৰে কৰা এক আকৰ্ষণীয় ঘোষণাই সকলোকে স্তম্ভিত কৰি তুলিছে।

উত্তৰাখণ্ড ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই আকৰ্ষণীয় ঘোষণাটো। ৰাজ্যখনৰ পৰ্যটন বিভাগে ঘোষণা কৰিছে যে এইবাৰ কাৰ্যালয় অথবা ঘৰ নহয়, পাহাৰৰ পৰা সম্পাদন কৰিব পাৰিব কৰ্তব্য।

উত্তৰাখণ্ড চৰকাৰৰ পৰ্যটন বিভাগে ‘ৱাৰ্ককেশ্যন’ নামেৰে নামাংকিত কৰা এই সুবিধাৰ দ্বাৰা ছুটি পালন কৰিও ৰাজ্যখনৰ বিভিন্ন পাহাৰস্থিত মনোৰম পৰ্যটন কেন্দ্ৰৰ পৰা কাৰ্যালয়ৰ ডিউটি সম্পাদন কৰিব পাৰিব আগ্ৰহীসকলে।

উত্তৰাখণ্ডৰ পৰ্যটন বিভাগৰ সচিব দিলীপ জাৱালকাৰে এই সম্পৰ্কত কয়, “ৱাৰ্ককেশ্যন হৈছে ছুটি কটোৱা এক ট্ৰেণ্ডিং ধাৰণা। অতি মহামাৰী ক’ৰ’ণাই ঘৰৰ পৰা কাম কৰাৰ সুযোগ আনি দিছিল, কিন্তু উত্তৰাখণ্ড চৰকাৰে আনি দিছে অন্য এক সুযোগ।”

সচিব গৰাকীয়ে লগতে আৰু কয়, “ছুটিৰ সময়তো যাতে কাৰ্যালয়ৰ কাম সম্পাদন কৰিব পাৰি তাৰ বাবেই এই উদ্যোগ লোৱা হৈছে। জিম কৰবেট, লাঞ্চডাউন, মুচৌৰি, কৌশানি, ডেহৰাডুন, নাইনিতাল, আলমোৰাৰ দৰে ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কাম কৰিব পাৰিব।”

সচিব গৰাকীৰ মতে উক্ত ঠাইসমূহৰ হোমষ্টে, হোটেল আৰু ৰিজৰ্টত কম খৰচতে ৱাৰ্ককেশ্যন সুবিধা লাভ কৰিব পৰ্যটকসকলে। তাত অব্যাহত বিদ্যুৎ আৰু ইন্টাৰনেট পৰিসেৱাও প্ৰদান কৰা হ’ব বুলি জনাইছে সচিবগৰাকীয়ে।