NORTHEAST NOW (Assamese)

ম্যানমাৰৰ পৰা ৰাজস্থানলৈ সৰবৰাহৰ বাবে অনা ৩৩কেজি সোণ জব্দ শিলিগুৰিত

October 3, 2020 10:14 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ডাইৰেক্টৰ অফ ৰেভিনিউ ইন্টেলিজেন্স (ডি আৰ আই)ৰ জালত পৰিছে এক বৃহৎ সৰবৰাহকাৰী চক্ৰ।

ম্যানমাৰৰ পৰা অবৈধভাৱে ভাৰতলৈ সৰবৰাহ কৰা ৩৩কেজি সোণ ডিআৰআইৰ বিষয়াসকলে শিলিগুৰিত জব্দ কৰে।

জানিব পৰা মতে এই সোণখিনিৰ মূল্য বৰ্তমান বজাৰত ১৭কোটি টকা হ’ব।

এই অবৈধ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ডিআৰআইয়ে ৪জনক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, শুকুৰবাৰে ডিআইআইৰ বিষয়াসকলে শিলিগুৰিত এখন ট্ৰাকত তালাচী চলায়। ট্ৰাকখনত আছিল ৰাজস্থানৰ চাৰিজন লোক।

জেৰাত তেওঁলোকে অপৰাধ স্বীকাৰ কৰি কয় যে যে বিদেশৰ পৰা সেই সোণখিনি তেওঁলোকৰ লাগেজত সৰবৰাহৰ বাবে অনা হৈছিল।

ট্ৰাকখনৰ লাগেজৰ বেগসমূহৰ পৰা মুঠ ২০টা সোণৰ বাৰ উদ্ধাৰ হয়। এই সোমখিনিৰ ওজন ৩৩কেজি ৫৩২গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য হৈছে ১৭কোটি ৫১লাখ টকা।

গ্ৰেপ্তাৰ হোৱা লোককেইজনে স্বীকাৰ কৰিছে যে এই সোণখিনি মণিপুৰৰ সীমান্তৰে ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল আৰু সেইবোৰ ৰাজস্থানৰ শ্ৰীগংগানগৰলৈ নিয়াৰ বাবে অনা হৈছিল।

Related News