NORTHEAST NOW (Assamese)
অসম

পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2020 10:23 am

বাৰিষাৰ সময়ত বন্ধ হৈ থকাৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে।

ৰাজ্যত কোভিডৰ সংক্ৰমণৰ সময়তো ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্য বন সংৰক্ষক বিষয়া এ এম সিঙে শুকুৰবাৰে নাৰিকল ভাঙি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলি কৰে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ হৈ আছিল।

সূত্ৰত উল্লেখ কৰা অনুসৰি, পৰ্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰাৰ সময়ত কোভিড প্ৰট’কল সমূহ মানি চলিব লাগিব।

৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ অংশস্বৰূপে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এ এম সিঙে ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটক সকলৰ বাবে মুকলি কৰে।

কোভিডৰ সংক্ৰমণৰ সময়ত বন্ধ হৈ পৰা অসমৰ পৰ্যটন উদ্যোগে পুনৰ প্ৰাণ পাই উঠিব বুলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া কৰ্মচাৰী সকলে আশা ব্যক্ত কৰিছে।