NORTHEAST NOW (Assamese)

অনুমতি লৈহে দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে : পৰেশ বৰুৱা

November 12, 2020 1:07 pm · এন ই নাও নিউজ
Updated: November 12, 2020 1:38 pm

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন) চমুকৈ আলফা(স্বা)ৰ উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই।

দৃষ্টি ৰাজখোৱাই সংগঠনৰ অনুমতি লৈহে আত্মসমৰ্পণ কৰিছে বুলি আজি পৰেশ বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

‘মেঘালয়ৰ এটা অঞ্চলত সুৰক্ষা বাহিনীয়ে দৃষ্টি ৰাজখোৱাক প্ৰায় এসপ্তাহলৈকে ঘেৰাও কৰি ৰাখিছিল আৰু শেষলৈকে খাদ্য সামগ্ৰীৰ তীব্ৰ নাটনি হৈছিল’, এইদৰে নেতাগৰাকীৰ আত্মসমৰ্পণ সন্দৰ্ভত পৰেশ বৰুৱাই কয়।

এই সময়ছোৱাত দৃষ্টিয়ে সংগঠনৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল আৰু তেওঁ সুৰক্ষা বাহিনীৰ সৈতে যুঁজ দি আত্মহত্যা কৰাৰো চিন্তা চৰ্চা কৰিছিল বুলি পৰেশ বৰুৱাই উল্লেখ কৰে।

বৰুৱাই লগতে কয় যে আমি সকলোবোৰ দিশ চালি জাৰি চায় উপায়হীন হোৱাতহে তেওঁক আত্মসমৰ্পণ কৰিবলৈ কও আৰু শেষত কেন্সাৰত আক্ৰান্ত পত্নীৰ শাৰিৰীক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিবলৈ মান্তি হয়।

আলফা(স্বা)ত দৃষ্টি ৰাজখোৱাৰ অৰিহনা পাহাৰসদৃশ বুলি মন্তব্য কৰি পৰেশ বৰুৱাই তেওঁক মানৱতা দৃষ্টিভংগীৰে চাই আত্মসমৰ্পণৰ অনুমতি প্ৰদান কৰা বুলি তাৎপৰ্যপূৰ্ণমূলক মন্তব্য কৰে।

উল্লেখ্য যে, বুধবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্য তথা উপ সভাপতি পৰেশ অসমৰ অতি ঘনিষ্ঠ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আত্মসমৰ্পণ কৰিছিল।

তেওঁ মেঘালয়ৰ দক্ষিণ গাৰো হিলছ জিলাৰ ব’লব’গক্ৰে গাঁৱত মেঘালয় আৰক্ষী আৰু  এছএফ-10 কামাণ্ডৰ ওচৰত অন্য চাৰিজন সতীৰ্থসহ আত্মসমৰ্পণ কৰে।

উল্লেখণীয় যে পৰেশ বৰুৱাই সংগঠনটোৰ অসমৰ পশ্চিম অঞ্চলৰ গতি বিধি ৰাজখোৱাৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছিল।

Related News