NORTHEAST NOW (Assamese)
অসম

‍‘দৃশ্যম’ ছবিৰ পৰিচালক নিশিকান্ত কামান্তৰ দেহৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 4:03 pm

বলিউডৰ জনপ্ৰিয় তথা পৰিচিত পৰিচালক-অভিনেতা নিশিকান্ত কামাতে আজি হায়দৰাবাদৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

৫০ বছৰীয়া নিশিকান্তৰ লিভাৰজনিত সমস্যাৰ কাৰণে মৃত্যু ঘটা বুলি মাৰাঠী অভিনেতা জয়ৱান্ত ৱাডকাৰে জনায়।

‍‘নিশিকান্ত কামাতৰ ঘণিষ্ঠ নিৰ্মাতা অজয় ৰায়ৰ সৈতে মই সম্পৰ্কত আছিলো। আজি ৰাতিপুৱা ১০.৩০ বজাত হায়দৰাবাদৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে। তেওঁৰ মৃতদেহ মুম্বাইলৈ অনাৰ প্ৰক্ৰিয়া চলি আছে’, ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত ৱাডকাৰৰ মন্তব্য।

পৰিচালক হিচাপে কামাতে মাৰাঠী ছবি ডম্বিভালি ফাষ্ট(২০০৫)ৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। বলিউডত ২০০৮ চনত মুম্বাই মেৰী জান শীৰ্ষক ছবিৰ জৰিয়তে পৰিচালক হিচাপে কামাতৰ আত্মপ্ৰকাশ ঘটে।

২০০৪ চনত হাভা এনে ডেই (Hava Aney Dey)ৰ জৰিয়তে বলিউডত অভিনয় জীৱন আৰম্ভ কৰিছিল কামাতে।

পৰিচালক হিচাপে ৫০ বছৰীয়া কামাতে ফ’ৰ্চ, দৃশ্যম, ৰকি হেণ্ডছাম আৰু মাডাৰীৰ দৰে ছবি উপহাৰ দিছিল দৰ্শকক।

ইয়াৰ উপৰি তেওঁ ডেডি, ৰকি হেণ্ডছাম, জুলি ২ আৰু ভৱেশ জোশীৰ দৰে ছবিতো অভিনয় কৰিছিল।

আনহাতে দ্যা ফাইনেল কল আৰু ৰংগবাজ ফিৰছেৰ দৰে ৱেব ছিৰিজৰো পৰিচালনা কৰিছিল।