NORTHEAST NOW (Assamese)

নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে ভাৰতৰ সৰ্ববৃহৎ দ্ৰোণ মহোৎসৱ

May 27, 2022 3:23 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 27, 2022 3:25 pm

পাকিস্তানকে ধৰি ভাৰতৰ চুবুৰীয়া আন দেশৰ পৰা ভাৰতলৈ অত্যাধুনিক ড্ৰোন ভাবুকিৰ সৃষ্টি কৰি অহাৰ সময়তে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ভাৰতৰ আটাইতকৈ ডাঙৰ ড্ৰোন মহোৎসৱ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি দিল্লীৰ প্ৰগতি ময়দানত ভাৰতৰ সৰ্ববৃহৎ দ্ৰোণ মহোৎসৱ ২০২২ উদ্বোধন কৰে। এই অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ব্যক্তিৰ সৈতে ড্ৰোন প্ৰদৰ্শনী কেন্দ্ৰত বাৰ্তালাপ কৰে। মোদীয়ে তেওঁৰ টুইটাৰত কৈছে “উন্নত দ্ৰোন প্ৰযুক্তিৰ ষ্টাৰ্টআপকে ধৰি মুখ্য অংশীদাৰসকলক একত্ৰিত কৰে বাবে এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে।

মই প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি আগ্ৰহী সকলোকে এই কাৰ্যসূচী চাবলৈ অনুৰোধ জনাইছো,” প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰে।ভাৰতৰ এই প্ৰদৰ্শনীত বিদেশী কূটনীতিক, সশস্ত্ৰ বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, পিএছইউ, ব্যক্তিগত কোম্পানী আৰু ড্ৰোন ষ্টাৰ্টআপকে ধৰি ১৬০০ তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। প্ৰদৰ্শনীখনত ৭০ জনতকৈও অধিক প্ৰদৰ্শকে ড্ৰোনৰ বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে।

মহোৎসৱত ড্ৰোন পাইলট প্ৰমাণপত্ৰ, সামগ্ৰী মুকলি, পেনেল আলোচনা, উৰণ প্ৰদৰ্শন, মেড ইন ইণ্ডিয়া ড্ৰোন টেক্সি প্ৰটোটাইপ আদি প্ৰদৰ্শনৰ দিহা কৰা হৈছে।

কেৱল নিৰাপত্তাজনিত কাৰণতে নহয়, কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত ড্ৰোনৰ ব্যাপক ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছে। এই মাহৰ আৰম্ভণিতে, অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নীতি আয়োগত এটা ড্ৰোন ষ্টুডিঅ’ মুকলি কৰিছিল।

ইয়াত ড্ৰোন শক্তি আৰু কিষাণ ড্ৰোন শীৰ্ষক দুটা বিশেষ শাখা আছে। কিষাণ ড্ৰোনৰ ক্ষেত্ৰত কৃষক আৰু কৃষক সংগঠনসমূহক কৃষিৰ উন্ড্ৰোনয়নৰ বাবে ড্ৰোনৰ বাণিজ্যিক ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।

সিন্ধিয়াই অনুষ্ঠানটোত কৈছিল যে অহা ৩-৪ মাহত ড্ৰোন পাইলট প্ৰশিক্ষণ পাঠ্যক্ৰমৰো মাচুল যথেষ্ট হ্ৰাস পাব।

Related News