NORTHEAST NOW (Assamese)
অসম

নলবাৰীৰ চৰত লাগিলগৈ ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাত পতিতৰ মৃতদেহ

Posted by: এন ই নাও নিউজ September 7, 2018 6:18 pm

যোৱা ৫ আগষ্টত উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাটোত নিৰুদ্দেশ হোৱা এজন লোকৰ মৃতদেহ আজি নৰবাৰীৰ শিয়ালমাৰিৰ চৰত উদ্ধাৰ হৈছে। নিহত লোকজনৰ পৰিচয় সম্বন্ধে তেওঁৰ পকেটত থকা ভোটাৰ কাৰ্ডৰ পৰা নিশ্চিত হ’ব পৰা গৈছে। ব্যক্তিজনৰ নাম ৰাহুল আলী আৰু তেওঁ গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী আছিল।

দুৰ্ঘটনাৰ দিনা তেৱোঁ উক্ত নাওখনৰ যাত্ৰী আছিল। লুইতৰ পানীত যোৱা দুদিন ধৰি উটি গৈ আলীৰ মৃতদেহ চৰত লাগিছিলগৈ।

আনহাতে আন দুটা মৃতদেহ কামৰূপ-নলবাৰী সীমান্তৰ ২নং বালাগাঁও চৰত উদ্ধাৰ হোৱা বুলি খবৰ পোৱা গৈছে। ইতিমধ্যে মৃতদেহকেইটা থকা ঠাইলৈ আৰক্ষীৰ দল ৰাওনা হৈছে।

উল্লেখযোগ্য যে ভয়ংকৰ নাও দুৰ্ঘটনাটোত কিমান লোক প্ৰকৃততে নিৰুদ্দেশ হৈ আছে তাৰ খাটাং হিচাপ এতিয়াও ওলোৱা নাই। আনহাতে কিমান যাত্ৰী নাওখনত গৈছিল তাৰো খাটাং হিচাপ নাই।

নাওত যাত্ৰী উঠাৰ পাৰত থকা কাউণ্টাৰত টিকট দিব লাগে যদিও সেই নিয়ম পালন নকৰে নাওৰ গৰাকী আৰু চালকসকলে। ফলত কিমান যাত্ৰী এখন নাৱত যায় তাৰ হিচাপ তেওঁলোকৰ হাতত বা অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হাততো নাথাকে।