NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ লেখাপানীত আটক মহিলা কানি বেপাৰী

August 12, 2018 11:09 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ লেখাপানীত আৰক্ষীয়ে দেওবাৰে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই এগৰাকী মহিলা কানি ব্যৱসায়ী আটক কৰে।

আটকাধীন ৰেণুকা ছেত্ৰী নামৰ কানি ব্যৱসায়ীগৰাকীৰ পৰা আৰক্ষীয়ে ৪০০ গ্ৰাম কানি আৰু নগদ ৭০ হাজাৰ টকা জব্দ কৰে।

এই সন্দৰ্ভত লেখাপানী আৰক্ষীয়ে থানাত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।

উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ-কানিৰ বেহা বৃদ্ধি পোৱাত কেইবাটাও দল-সংগঠনে প্ৰতিবাদী আন্দোলন কাৰ্য্য ৰূপায়ণ কৰি আহিছে।

Related News