NORTHEAST NOW (Assamese)
অসম

ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হোৱাৰ সময়তে নিচা মুক্তি কেন্দ্ৰলৈ বৈছে নিচাসক্তৰ সোঁত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 10, 2021 3:40 pm
rk-covid

ড° হিমন্ত বিশ্ব শৰ্মা নিয়ন্ত্ৰণাধীন চৰকাৰে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগে – লগে নিচামুক্তি কেন্দ্ৰ সমূহত নিচাসক্তৰ সোঁত বৈছে ।

মাৰ্ঘেৰিটাৰ নিউ লাইভ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোত মাত্ৰ দুমাহতে ২৫০ গৰাকী নিচাসক্ত ভৰ্তি হৈছে । যাৰ ফলত অসুবিধাৰ সন্মুখীন হোৱা কেন্দ্ৰটোৱে চৰকাৰৰ সহায় বিচাৰিছে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিদেৰ্শত আৰক্ষী প্ৰশাসনৰ ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ঠাইয়ে ঠাইয়ে জব্দ হৈছে ড্ৰাগছ ।

জব্দ হৈছে ভাং ,কানি আদি নিচাজাতীয় দ্ৰব্য ।

গ্ৰেপ্তাৰ হৈছে এই বেহাৰে জড়িত ব্যৱসায়ী । ইয়াৰ লগে লগে লক্ষ্যণীয় ভাৱে বৃদ্ধি পাইছে নিচামুক্তি কেন্দ্ৰ সমূহত নিচাসক্তৰ সংখ্যা ।

উজনি অসমৰ বিভিন্ন অঞ্চলত কেইবাটাও শাখা থকা মাৰ্ঘেৰিটাৰ নিউ লাইভ ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰটোত মাত্ৰ দুমাহতে প্ৰায় ২৫০ গৰাকী নিচাসক্ত ভৰ্তি হৈছে ।

অধিকাংশই আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ হোৱা বাবে বিনামূলীয়াকৈ খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰি আহিব লগা হোৱাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে কেন্দ্ৰটো ।

আজি এখন সংবাদমেল পাতি উপদেষ্টা সৰোজ গোঁহাই সভাপতি ৰূপম গগৈ আৰু সম্পাদক গৌতম চৌধুৰীয়ে সদৰী কৰে এই তথ্য ।

২০১৫ চনত প্ৰতিষ্ঠিত এই কেন্দ্ৰটোৱে প্ৰায় ১২০০ নিচাসক্তক সুস্থ কৰি তুলিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰি নিচামুক্ত এখন সমাজ তথা ৰাজ্য গঢ়াৰ স্বাৰ্থত চৰকাৰ তথা সদাশয় ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে কেন্দ্ৰটোৱে।