NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ড্ৰাগছ সহ যুৱক আটক, চাৰিটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ

Posted by: কাজী জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজী জেইদুল ইছলাম,বিশ্বনাথ January 6, 2022 1:09 pm
বিশ্বনাথত ড্ৰাগছ সহ যুৱক আটক, চাৰিটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ

বিশ্বনাথ জিলা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ।

আটক ড্ৰাগছ সহ এজন যুৱকক পৰিছে আৰক্ষীৰ জালত ।

আজি পুৱা বিশ্বনাথ জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত এটা অভিযানকাৰী আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি বিশ্বনাথৰ আমবাৰীৰ পৰা পংকজ গুপ্তা নামৰ যুৱকজনৰ ঘৰৰ পৰা চাৰিটা ড্ৰাগছৰ কন্টেইনাৰ সহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত পংকজ গুপ্তা নিজে ড্ৰাগছ আসক্ত হোৱাৰ লগতে বিশ্বনাথৰ বহু যুৱকক ড্ৰাগছৰ যোগান ধৰি আহিছিল।

ইতিমধ্যে ধৃত পংকজক আৰক্ষীৰ অভিযানকাৰী দলটোৱে সোধা-পোছা অব্যাহত ৰাখিছে ।