NORTHEAST NOW (Assamese)
অসম

ধঁপাত মুক্ত কৰণত নামিছে যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক March 3, 2020 7:01 am
Tobacco selling Greater Guwahati Paan Shop Business Association says no to Gutkha, Paan Masala

যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত টীয়ক পৌৰসভাৰ সভাগৃহত সজাগতা তথা ধঁপাত মুক্ত কৰণৰ ওপৰত সোমবাৰে এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে টীয়ক পৌৰসভা আৰু টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকলে।

আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ শিবিৰ মুকলি কৰে পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামানে। এই শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মনোবিজ্ঞানী দিপ্তী শইকীয়া আৰু সমাজকৰ্মী দীপক হাজৰিকা।

মনোবিজ্ঞানী দিপ্তী শইকীয়াই সাম্প্ৰতিক সময়ত ধঁপাত আমাৰ নীৰৱ ঘাটক বুলি উল্লেখ কৰাৰ লগতে যোৰহাট জিলাখন  সম্পূৰ্ণৰূপে ধঁপাতমুক্ত কৰি জিলাখনত সুস্থ পৰিবেশ গঢ়িবৰ বাবে সকলোৰে প্ৰচেষ্টাৰ একান্ত প্ৰয়োজন বুলি কয়।

জিলা তথ্য সমন্বয়ক প্ৰশীল কুমাৰ বৰাই‌ আঁত ধৰা এই প্ৰশিক্ষণ শিবিৰত পৌৰসভা উপ-সভানেত্ৰী লোকেশ্বৰী দাস, ৱাৰ্ড কমিছনাৰ মাধৱী হাজৰিকা, ৱাৰ্ড কমিছনাৰ অভিজিৎ বৰুৱা আৰু বেচৰকাৰী সামাজিক সংস্থা ‘ৰেঙণি’ৰ সভাপতি বিজু শৰ্মাও উপস্থিত থাকে।