NORTHEAST NOW (Assamese)
অসম

যোৰহাটত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 22, 2022 4:38 pm

যোৰহাট জিলাত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।

আৰক্ষীৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰা হৈছে যোৰহাটত l

মা ৰেণু নামৰ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী Travellar ত আজি ধৰা পৰে ড্ৰাগছ l

উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৰহাটৰ পুলিবৰ আৰক্ষীৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী এজনক কৰায়ত্ত কৰে l

যোৰহাট ৰজাবাৰীৰ ৰূপ নগৰৰ গাড়ীৰ হেণ্ডিমেন আছিল যুৱক জন।

কৰায়ত্ত কৰা যুৱক জন কুখ্যাত ড্ৰাগছ ৱ্যৱসায়ী লগত জড়িত থকাৰ সন্দেহ l

ইতিমধ্যে যোৰহাট উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত কৰায়ত্ত কৰি সোধপোছ কৰি দুয়োকে তদন্ত অৱ্যাহত আছে।