NORTHEAST NOW (Assamese)

চাপৰত হেৰ’ইনসহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক

November 11, 2022 2:50 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

চাপৰ আৰক্ষীয়ে আজি পুৱা প্ৰায় ১০ বজাত চাপৰ চহৰৰ মৌৱাটাৰীত এক অভিযান চলাই সন্দেহজনক হেৰ’ইনৰ পাঁচটা কন্টেইনাৰসহ দুটা ড্ৰাগছ ব্যৱসায়িক আটক কৰে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে জানিবলৈ দিয়া মতে তেওঁ আজি পুৱা মৌৱাটাৰী অঞ্চলত দুটা ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছ বিক্ৰীৰ পৰিকল্পনা কৰাৰ কথা জানিব পাৰি চাপৰ আৰক্ষীৰ দল এটাক মৌৱাটাৰীলৈ প্ৰেৰণ কৰে।

ভাৰপ্ৰাপ্ত বিষয়া কাকতিৰ তত্বাৱধানত আৰক্ষীৰ দলটোৱে মৌৱাটাৰীত অভিযান চলাই মৌৱাটাৰীৰ চুৰত জামাল শ্বেখৰ পুত্ৰ চাজিজ আলী আৰু বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বৰঘোলাঝাৰ গাঁওৰ আজিজুল হ’কৰ পুত্র ইলিয়াছ আলীক আটক কৰে আৰু সিহঁতৰ কৱলৰ পৰা সন্দেহযুক্ত হেৰ’ইনৰ পাঁচটা কন্টেইনাৰৰ লগতে ছটা খালী কন্টেইনাৰ জব্দ কৰে আৰু কিছু নগদ ধন উদ্ধাৰ কৰে।

পিছত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি থানাত জেৰা অৱ্যাহত ৰাখিছে। কাইলৈ ড্ৰাগছ ব্যৱসায়ী দুটাক বিলাসীপাৰা আদালতত হাজিৰ কৰোৱা হব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। ইপিনে ড্ৰাগছ আৰু নিচাজাতীয় ঔষধ সেৱনৰ পৰা যুৱ সমাজক মুক্ত কৰাৰ বাবে আজি নিশা প্ৰায় ৮ বজাত মৌৱাটাৰীত এখন সজাগতামূলক সভা অনুষ্ঠিত হৈছে।

উক্ত সভাত চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ লগতে অঞ্চলটোৰ গণ্য মান্য ব্যক্তিসকল অংশগ্ৰহন কৰিছে। ইপিনে চাপৰ অঞ্চলত ড্ৰাগছ আদিৰ দৰে মাৰাত্মক নিছা জাতীয় দ্ৰৱৰ অবাধ প্ৰচলনৰ লগতে বিলাতী সুৰাৰ অবৈধ ব্যৱসায় দ্ৰুত গতিত বৃদ্ধি পাইছে।

বিশেষ সূত্ৰে জানিব পৰা মতে এই সুৰা সমূহ এক চুবুৰীয়া ৰাজ্যৰ পৰা আমদানি কৰি এক গোপন ঠাইত ৰাখি বটল সমূহ খুলি পুনৰ নতুন কৈ ভেজাল ভাবে প্ৰস্তুত কৰি অবৈধ ভাবে বিক্ৰী কৰা হৈ আছে। এই ধৰণৰ মদ সেৱনৰ ফলত বহুতে অকালতে মৃত্যুক সাৱটি লয় বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে ।

Related News