NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত : ড্ৰাগছ ব্যৱসায়ী দম্পতিক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 8:34 pm
a download

 নগাওঁ  আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পতীহাল হ’ল- মৌচম খন্দকাৰ আৰু ৰেচমা বেগম ।

জানিব পৰা মতে নগাঁও নগৰ আৰক্ষীৰ এটা দলে চহৰ খনৰ খ্ৰীষ্টানপট্টিৰ এ ডি পি ৰোডত এটা ঘৰত নিশা অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ, বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে ৬৭ হাজাৰ নগদ ধন আৰু ড্ৰাগছ ব্যৱসায়ত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে এই দম্পতীহালে দীৰ্ঘদিন ধৰি ঘৰতে ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছ আৰু অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল।

এই খবৰ গোপন সূত্ৰে লাভ কৰি নগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই ঘাটিটো উৎখাত কৰাৰ লগতে দম্পতি হালক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি নগাঁও আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত ২৮৬১/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি ড্ৰাগছ ব্যৱসায়ী দম্পতি হালক আজি আদালতলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে মৌচম খন্দকাৰক পূৰ্বেও নগাওঁ আৰক্ষীয়ে ড্ৰাগছ ব্যৱহায়ৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল। আনহাতে নগাওঁ আৰক্ষীয়ে আজি বিয়লি নগাঁও চহৰৰ সমীপৰ মধুপুৰত আন এক অভিযান চলাই জলিল মীৰ ওৰফে ককা নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।