NORTHEAST NOW (Assamese)
অসম

Tragic Road Accident গোলাঘাটত বিবাহযাত্ৰী কঢ়িওৱা গাড়ীৰ শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন

Posted by: মীনাক্ষী ফুকন, গোলাঘাট Updated by: মীনাক্ষী ফুকন, গোলাঘাট November 22, 2021 11:07 am
Golaghat accident

Tragic Road Accident গোলাঘাটৰ ঢেকিয়ালত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিবাহ যাত্ৰীৰ গাড়ী দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে দুজনকৈ লোক।

জানিব পৰা মতে জাঁজীৰ কন্যা ঘৰৰ পৰা উভতি আহোতে পুৱতি নিশা এ এছ ০১ ই এ…৯০৬০ নম্বৰৰ ইন’ভা গাড়ীখনে পথৰ কাষৰ এজোপা গছত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুর্ঘটনাটোত বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা নামৰ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অভিজিত সাহা, মুনিন্দ্ৰ দাস আৰু দিগন্ত বৰুৱা আহত হয়।

Also Read: Road Accident কলিয়াবৰৰ নলতলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত প্ৰাক্তন ছাত্ৰ নেতা

উল্লেখ্য যে গোলাঘাটৰ পূৰ্বাঞ্চলত আছিল দৰাৰ ঘৰ। গাড়ী খনত তিনিজন ভিডিঅ’গ্ৰাফাৰ ,চালক আৰু এজন আন লোক আছিল।