NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও December 18, 2021 2:53 pm

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও টুনীয়াপাৰ বজাৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিছে ৷

গোপন সূত্ৰৰ পম খেদি নিউ বঙাইগাঁও আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ছহিদুল ইছলাম আৰু মণিৰুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ পাঁচটা কণ্টেইনাৰ , এটা মোবাইল, হেড ফোন আৰু কিছু নগদ ধন জব্দ কৰে ৷

কণ্টেইটাৰ কেইটাত ৬. ০৯ গ্ৰাম ব্ৰাউন চুগাৰ আছিল ৷ আৰক্ষীয়ে ইতিমধ্যে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

আটকাধীন দুই যুৱক বঙাইগাঁও চহৰৰ মাদ্ৰাজী পট্টিত থাকে বুলি জানিব দিছে আৰক্ষীয়ে ৷