NORTHEAST NOW (Assamese)

শিলচৰত ৮কোটি টকাৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

May 2, 2019 12:24 pm · অপৰ্ণা লস্কৰ
Updated: May 2, 2019 12:25 pm

নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে বুধবাৰে নিশা শিলচৰ-হাইলাকান্দি পথৰ এটা ল’জৰ পৰা ৮ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰে।

ঘটনা সংক্ৰান্তত বিপ্লব দে (৩০) আৰু শ্বাহ জালাল মিঞা (২৮) নামৰ দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োগৰাকী লোকেই ত্ৰিপুৰাৰ মেলাঘৰ আৰক্ষী থানাৰ অন্তৰ্গত বৈৰাগিনগৰ আৰু ৰাধাকিশোৰপুৰ অঞ্চলৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

প্ৰাপ্ত তথ্য মতে বি এছ এফৰ পৰা পোৱা খবৰৰ ভিত্তিত ৰাংগিৰখাৰী নগৰ আউট পোষ্টৰ আৰক্ষীয়ে শিলচৰ-হাইলাকান্দি পথৰ ‘ত্ৰিপুৰা ল’জ’ত অভিযান চলাই ৮০টা পেকেটত থকা ১লাখ ৬০হাজাৰটা নিচাজাতীয় টেবলেট জব্দ কৰে।

আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা টেবলেটসমূহ ধৃত লোক দুজনে শিলচৰৰ পৰা আগৰতলালৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে তেওঁলোকক অধিক তথ্যৰ বাবে জেৰা চলাই আছে।

Related News