NORTHEAST NOW (Assamese)
অসম

চিকিৎসা নহয়, আই চি য়ুৰ ৰোগীক জি এম চি এইচ্ছৰ মাতাল চিকিৎসকে কৰিলে প্ৰহাৰ

Posted by: মুকুট দাস September 17, 2018 10:02 pm
GMCH

মদৰ নিচাত আজি এগৰাকী জ্যেষ্ঠ চিকিৎসকে উদ্ভণ্ডালি সৃষ্টি কৰাক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

অভিযুক্ত চিকিৎসক গৰাকীক জি এম চি এইচ্ছৰ এনাস্থেছিয়া বিভাগৰ জ্যেষ্ঠ চিকিৎসক অৰ্জুন খাকলাৰী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, সুৰাপান কৰি অহা খাকলাৰীয়ে জেনেৰেল আই চি য়ুত প্ৰৱেশ কৰি ৰোগীক প্ৰহাৰ কৰাৰ লগতে ৰোগীৰ মুখত লগাই থোৱা অক্সিজেনৰ সংযোগ খুলি দিয়ে বুলি ৰোগীৰ পৰিয়ালে গুৰুতৰ অভিযোগ আনিছে।

অৱশ্যে পিছত জি এম চি এইচ্ছৰ অধীক্ষক ৰমেন তালুদাৰে ভঙাগড় আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৈ তেওঁক আটক কৰে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বাৰ্তাত ভঙাগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন মেধীয়ে জনাই, ‘আজি বিয়লি প্ৰায় ৪:৩০ বজাত এই ঘটনাটো সংঘটিত হয়। খাকলাৰীয়ে কেইগৰাকীমান ৰোগীৰ লগতে পৰিচাৰককো দুৰ্ব্যৱহাৰ কৰে।‘