NORTHEAST NOW (Assamese)

অন্য নাৰী সংগীৰে ব্যস্ত! ইনষ্টাগ্ৰামতে স্বামীক তালাক দিলে ডুবাইৰ ৰাজকুমাৰীয়ে

July 18, 2024 2:46 pm · এন ই নাও নিউজ, গুৱাহাটী
ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহাৰা। ফটোঃ সংগ্ৰহীত।

ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহাৰা বিন্ত মহম্মদ বিন ৰছিদ আল মাকতুমে স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে। ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে স্বামীক তিনি তালাক দিলে।

শ্বেইখাই লিখিছে, ‘প্ৰিয় স্বামী। বৰ্তমান আপুনি আন সংগীৰ লগত ব্যস্ত। সেয়ে মই বিবাহ বিচ্ছেদৰ কথা জনালোঁ। মই তোমাক তালাক দিলোঁ। ভালে থাকা। ইতি, তোমাৰ প্ৰাক্তন পত্নী।‘

ৰাজকুমাৰীৰ এই পোষ্টটোৰ প্ৰতি নেটিজেনসকলে নিজৰ প্ৰতিক্ৰিয়া জনাইছে। এজনে লিখিছে, ‘আপোনাৰ সিদ্ধান্তক লৈ মই গৌৰৱান্বিত।’ আন এজনে লিখিছে, ‘জীৱনৰ যাত্ৰাৰ পথত এইটো এটা অধ্যায় মাত্ৰ। জীৱন প্ৰবাহমান। ভাল আৰু বেয়া লগত লৈয়েই আগবাঢ়িব লাগিব।’

যোৱা বছৰৰ মে’ মাহত শ্বেইখাই শ্বেখ মানা বিন মহম্মদ বিন ৰছিদ বিন মানা আল মাকতুমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুমাহ পূৰ্বে ডুবাইৰ ৰাজকুমাৰীয়ে প্ৰথম সন্তান জন্ম দিছিল। এই ঘটনাক তেওঁ জীৱনৰ ‘আটাইতকৈ স্মৰণীয় মুহূৰ্ত’ বুলি অভিহিত কৰিছিল।

 

View this post on Instagram

 

A post shared by Shaikha Mahra Mohammed Rashed Al Maktoum (@hhshmahra)

কিন্তু কেইসপ্তাহমানৰ আগতে ইনষ্টাগ্ৰামৰ এটা পোষ্টক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। তাত শ্বেখাই নিজৰ সন্তানৰ ছবি এখন দি লিখিছিল, ‘কেবল আমি দুজন।’ ভূৰখা মহলৰ মতে তেওঁ হয়তো ইয়াত ভৱিষ্যতৰ ইংগিত দিছিল। এতিয়া তেওঁৰ পোষ্টে সেই জল্পনা-কল্পনাৰ সত্যতা নিশ্চিত কৰিলে। 

Related News