NORTHEAST NOW (Assamese)
অসম

বাইক চোৰৰ বিৰুদ্ধে দুধনৈ আৰক্ষীৰ অভিযান; ৩ দিনত ৬ জন বাইক চোৰ গ্ৰেপ্তাৰ, উদ্ধাৰ ১২ খন বাইক

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা June 8, 2021 4:27 pm
bike thievs racet

দুধনৈ আৰক্ষী থানাত এতিয়া উঠিছে বাইকৰ উজান। জিলাখনৰ অ’ত ত’ত উদ্ধাৰ হৈছে বাইক। ৰাস্তাই ঘাটে চুৰি হোৱা বাইক উদ্ধাৰ হৈছে।

দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি গাড়ী চোৰৰ লগতে বিভিন্ন অপৰাধীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে৷

যোৱা ৫ জুনৰ নিশা অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড ৰংজুলিৰ কাণকাটা অঞ্চলৰ দুধৰ্ষ বাইক চোৰ আব্দুল বাৰিক নামৰ এজনক বাইক চোৰ কৰা বিভিন্ন সামগ্ৰীৰ লগতে লেপটপ, প্ৰিন্টাৰ, ভুৱা পঞ্জীয়ন নম্বৰ প্লেট সহ দুধনৈ আৰক্ষীয়ে আটক কৰাৰ পিছত এইবাৰ আকৌ পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হৈছে দুধনৈ আৰক্ষীয়ে।

যোৱা নিশা গোপন সূত্ৰৰ পম খেদি দুধনৈ আৰক্ষী আৰু ৰংজুলি আৰক্ষীৰ সহযোগত পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জালত পৰা বাইক চুৰি কাণ্ডৰ সৈতে জড়িত চোৰ কেইটা ক্ৰমে- মাটিয়া থানাৰ অন্তৰ্গত মামুদপুৰৰ আব্দুল ৰহিম আলী, মালেক হুছেইন, বামুনপাৰাৰ ৰাজিবুল ইছলাম (২৩), ৰংজুলি থানাৰ অন্তৰ্গত ফৰেষ্ট কাণকাটাৰ আব্দুল বাৰিক, খেৰোপাৰাৰ নুৰ আলম ওৰফে ৰাহুল (২৮), আৰু কাণকাটাৰ সোমেৰ আলী ওৰফে তৰুণ (৩৬)।

আৰক্ষী সূত্ৰে জানিব পৰা মতে এই বাইক চোৰ কেইজনৰ পৰা ৭ খন বাইক আৰু এখন বুলেট জব্দ কৰাৰ উপৰি ১১ খন ভুৱা নম্বৰ প্লেট, বাইক মেৰামতিৰ বিভিন্ন সামগ্ৰী জব্দ কৰে।

আজি দুধনৈ থানাত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই বাইক চুৰি চক্ৰৰ সৈতে জড়িত ধৃত বাইক চোৰ কেইজন অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বাইক চোৰৰ চক্ৰৰ সৈতে জড়িত থকা বুলি জানিবলৈ দিয়ে।

গোৱালপাৰা জিলাৰ পৰা সমূলঞ্চে বাইক চোৰৰ চক্ৰ উৎখাত কৰা হব বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

যিসকল লোকে চুৰি বাইক ক্ৰয় কৰিছে তেওঁলোকেও ৰেহাই নাপাব বুলি কোৱাৰ লগতে বাইক চোৰৰ লগতে বিভিন্ন অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাবে অভিযান চলাই যাব বুলিও দুধনৈ আৰক্ষীয়ে জানিবলৈ দিয়ে।