NORTHEAST NOW (Assamese)
Popular Stories

সুন্দৰীৰে ভৰি পৰিব দেশ! তিনি দশকৰ পাছত এইবাৰ ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 9, 2023 12:57 pm

ভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে ‘মিছ ৱৰ্ল্ড ২০২৩’ প্ৰতিযোগিতা। প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতলৈ ঘূৰি আহিছে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ এই গ্ৰেণ্ড ইভেণ্ট। ভাৰতে শেষবাৰৰ বাবে ১৯৯৬ চনত এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল।

বহু প্ৰত্যাশিত ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণ চলিত বৰ্ষত অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাখনৰ চূড়ান্ত তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

লগতে পঢ়ক: অনুষ্টুপীয়াকৈ কন্যাক বিয়া দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে; দৰা প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ

মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে বৃহস্পতিবাৰে এক সংবাদমেলত কয় যে ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেলৰ আয়োজক হিচাপে ভাৰতৰ নাম ঘোষণা কৰি তেওঁ অতিশয় আনন্দিত হৈছে। এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্ৰময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্বৰ বাকী অংশৰ সৈতে শ্বেয়াৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছো।

১৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই প্ৰেক্ষাপটত জুলিয়া মৰ্লিয়ে কয় যে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বিজয়ী (প্ৰতিযোগী)সকলে মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিব। ভাৰতত অনুষ্ঠিত হ’ব আটাইতকৈ আকৰ্ষণীয় মিছ ৱৰ্ল্ড ফাইনেল।

লগতে পঢ়ক: পুনৰ ওড়িশা! দুৰ্গ-পুৰী এক্সপ্ৰেছত জুই; কথমপি এক ডাঙৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল যাত্ৰাবাহী ৰে’ল

বৰ্তমানৰ মিছ ৱৰ্ল্ড হৈছে পোলেণ্ডৰ কেৰ’লিনা বিলাউস্কা। বৰ্তমান তেওঁ ভাৰতত আছে। তেওঁ আগন্তুক প্ৰতিযোগিতাখনৰ বিষয়ে বিশ্বত প্ৰচাৰ কৰি আছে।

কেৰ’লিনাই কয় যে তেওঁ এই সুন্দৰ দেশ (ভাৰত)ক প্ৰতিযোগিতাৰ মুকুট অৰ্পণ কৰিব পাৰিব বুলি ভাবি উৎফুল্লিত হৈ পৰিছে।

লগতে পঢ়ক: দেশৰ ১২৫ তম শীৰ্ষ স্থানত জি চি ইউ-ৰ অধীনস্থ গিৰিজানন্দ চৌধুৰী ইনষ্টটিউট অৱ ফাৰ্মাচিউটিকেল চাইঞ্চ

এই পৰ্যন্ত ভাৰতৰ ৬ গৰাকী প্ৰতিযোগীয়ে এই সন্মানীয় মুকুট লাভ কৰিছে। তেওঁলোক হ’ল ৰীতা ফৰিয়া (১৯৬৬), ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখী (১৯৯৯), প্ৰিয়ংকা চোপ্ৰা (২০০০) আৰু মানুষী ছিল্লাৰ (২০১৭)।