NORTHEAST NOW (Assamese)
অসম

জাপানত অনুষ্ঠিত শ্বুটিং চেম্পিয়নশ্বিপত অসমৰ হৃদয় হাজৰিকাৰ সোণ অৰ্জন

Posted by: এন ই নাও নিউজ December 13, 2017 9:54 pm

অসমৰ হৃদয় হাজৰিকাই জাপানত অনুষ্ঠিত দশম ‘এছীয়ান এয়াৰ গান  চেম্পিয়নশ্বিপ’ ত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনৰ যুৱ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাগ লৈ হৃদয়ে উক্ত সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতীয় শ্বুটিং দলৰ যুৱ শাখাত(১৮ বছৰ অনূৰ্ধ্ব) স্থান পোৱা হৃদয় অসমৰ তৃতীয়জন শ্বুটাৰ। ইয়াৰ পূৰ্বে তেওঁ ভাৰতিয় শ্বুটিং দলৰ পৰা যোৱা বছৰ ইৰানত অনুষ্ঠিত নৱম ‘এছীয়ান এয়াৰ গান  চেম্পিয়নশ্বিপ’ ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল। লখিমপুৰ জিলাৰ নাৰায়নপুৰত জন্ম গ্ৰহণ কৰা হৃদয়ে শংকৰদেৱ কলেজৰ শ্বুটিং ৰেইঞ্জৰ পৰা ক্ৰীড়া জীৱন আৰম্ভ কৰে। এতিয়ালৈকে তেওঁ ৩ খনকৈ ৰাষ্ট্ৰীয় চেম্পনয়নশ্বিপৰ লগতে ২খন মাণ্ডলিক প্ৰতিযোগিতা, ১ খন জি ভি মাভলাংকাৰ আৰু ২খন কৈ কে এছ এছ শ্বুটিং চেম্পিয়নশ্বিপত অংশ লৈছে। তাৰোপৰি ২০১৫ ত কেৰেলাত অনুষ্ঠীত ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ অসম শ্বুটিং সংস্থাৰ সম্পাদক ভৱ কলিতাৰ তত্ত্বাৱধানত অসম ৰাইফল আৰু শ্বুটিং সংস্থাৰ শ্বুটিং ৰেইঞ্জত নিয়মিত ভাৱে অনুশীলন কৰি আহিছে।