NORTHEAST NOW (Assamese)

প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: আশ্ৰয় বিচাৰি কাৰ্বি পাহাৰলৈ যাত্ৰা জাকে জাকে বন্যপ্ৰাণীৰ

July 13, 2020 12:09 pm · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও

ব্ৰহ্মপুত্ৰৰ বানে সম্পুৰ্ণৰূপে প্লাৱিত কৰিছে বিশ্বৰ ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

প্লাৱিত ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ বন্যপ্ৰাণীয়ে প্ৰথমটো বানতেই আশ্ৰয় বিচাৰি দক্ষিণৰ কাৰ্বি আংলং জিলাৰ পাহাৰলৈ গতি কৰিছিল।

এইবাৰ দ্বিতীয়তো বানতো পুনৰ জাক জাক পহু আৰু অনান্য বন্যপ্ৰাণীয়ে আশ্ৰয় বিচাৰি পুনৰ দক্ষিণৰ কাৰ্বি পাহাৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷

ইপিনে, বহু বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ হাইলেণ্ড বোৰত আশ্ৰয় লৈছে ৷

ইয়াৰ বাবে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত থকা এনিমেল কৰিডৰবোৰত নিৰাপত্তা আৰু যানবাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা হাতত লৈছে উদ্যান কৰ্তৃপক্ষই ৷

আনহাতে, যোৱা নিশাৰে পৰা কাজিৰঙাৰ হালধীবাৰী আৰু হাতীখুলি চাহ বাগানৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভালেমান অংশ পানীত ডুব গৈছে ৷

ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩ টা বন শিৱিৰৰ ১৬৬ টা বন শিৱিৰৰ তলেৰে পানী প্ৰবাহিত হৈছে ৷ ইফালে বানপানীৰ বাবে ৭ টা বন শিৱিৰ স্থানান্তৰিত কৰিব লগা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷

বানপানীৰ কৱলত পৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি দক্ষিণলৈ যাব বিচৰা মুঠ ১১ টা পহু গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ বিপৰীতে বানপানীৰ বাবেই ৫ টা খটিয়া পহু, ৩ টা গাহৰি আৰু এটা অতি দুস্পাপ্য দল হৰিণৰ মৃত্যু হৈছে ৷

বনৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে মুঠ ৪৭ টা বন্যপ্ৰাণী ৷ ইয়াৰে ৪১ টা হ’ল খুটিয়া পহু ৷ উদ্ধাৰ কৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা এই ৪৭ টা বন্যপ্ৰাণীৰ ভিতৰৰ ১২ পহুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে ৷

ইপিনে, কাজিৰঙাৰ পূব সীমাৰ ধনশিৰিমুখত আজি পুৱাও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০০৬ মিটাৰ বৃদ্ধি পাইছে ৷ সম্প্ৰতি ধনশিৰিমুখত জলপৃষ্ঠ বিপদসীমাৰ ওপৰত আছে ৷ ফলত ক্ৰমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি ৷

Related News