NORTHEAST NOW (Assamese)
Popular Stories

অপ্ৰতিৰোধ্য ‘জৱান’! আন এখন ছবিৰে আকৌ আহি আছে কিং খান: চাওক কেতিয়া পাব মুক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2023 8:32 pm
Dunki Shah Rukh Khan

পুনৰ বলীউডত খলকনি তুলিছে কিং খানে। মাজতে কেইটামান বছৰ বক্স অফিচত ব্যৰ্থ হোৱাৰ পিছত চলিত বৰ্ষত ইখনৰ পিছত সিখনকৈ দুখন ব্লকবাষ্টাৰ ছবিৰে শ্বাহৰুখে যেন প্ৰমাণ কৰি দিছে, কিয় তেওঁ বলীউডৰ ‘বাদশ্বাহ’!

চলিত বৰ্ষৰ জানুৱাৰী মাহত ‘পাঠান’ৰ জৰিয়তে ছুপাৰষ্টাৰগৰাকীয়ে সৃষ্টি কৰিছিল আলোড়নৰ; হৈছিল ৰাজকীয় প্ৰত্যাৱৰ্তন। ছবিখনে সৃষ্টি কৰিছিল কেইবাটাও অভিলেখ।

পাঠানৰ এই সফলতাৰ পিছত শেহতীয়াকৈ পুনৰ ছবিগৃহলৈ আহিছিল ‘জৱান’। এই ছবিখনে শ্বাহৰুখক দিলে আন এক বৃহৎ সাফল্য। অভূতপূৰ্ব সফলতাৰে জৱানে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে।

জৱানে তোলা এই আলোড়নৰ মাজতে শ্বাহৰুখৰ অনুৰাগীৰ বাবে অভিনেতাগৰাকীয়ে দিছে আন এক সুখবৰ। দুখনকৈ ছবিৰে অপ্ৰতিৰোধ্য শ্বাহৰুখে চলিত বৰ্ষৰে শেষৰফালে পুনৰ ভুমুকি মাৰিব আন এখন ছবিৰে।

সম্প্ৰতি ছবিগৃহত চলি থকা ‘জৱান’ৰ ব্যাপক সাফল্যৰ আনন্দ উদযাপনৰ বাবে ‘জৱান’ৰ সমগ্ৰ দলটোৰ সৈতে এক অনুষ্ঠানৰ আয়োজন কৰিছিল শ্বাহৰুখ খানে। এই অনুষ্ঠানৰ সময়তে কিং খানে ঘোষণা কৰে আগন্তুক ছবিখনৰ কথা।

শ্বাহৰুখৰ আহিবলগীয়া এই নতুন ছবিখনৰ নাম ‘ডাংকি’। শ্বাহৰুখৰ ভাষ্য মতে, তেওঁ ‘পাঠান’ৰ জৰিয়তে গণৰাজ্য দিৱস আৰু ‘জৱান’ৰ সৈতে জন্মাষ্টমী উদযাপন কৰিছিল।

 

Dunki: Shah Rukh Khan and Raj Kumar Hirani's next film - Marketing  Strategies

এতিয়া ‘ডাংকি’ৰ জৰিয়তে বৰদিন আৰু নৱবৰ্ষ উদযাপন কৰিব বুলি মন্তব্য কৰিছে বলীউডৰ বাদশ্বাহে। জিঅ’ ষ্টুডিঅ’, ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ৰাজকুমাৰ হিৰানী ফিল্মছৰ যৌথ সহযোগিতাৰে নিৰ্মাণ হৈছে ডাংকি।

ৰাজকুমাৰ হিৰাণীয়ে পৰিচালনা কৰা ছবিখনত শ্বাহৰুখৰ বিপৰীতে নায়িকা হিচাপে আছে তাপসী পান্নু। শ্বাহৰুখ খান আৰু তাপসীৰ উপৰিও ডাংকিত অভিনয় কৰিব বোমন ইৰাণীয়ে।