NORTHEAST NOW (Assamese)

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম স্পিৰিচুৱেল ছ’চাইটী, চেন্নাইয়ে অহা ২৮ ছেপ্তেম্বৰ পৰা ২ অক্টোবৰলৈ পল্লীকৰণৈৰ ওড়িশা ভবনত (অসম ভবনৰ সন্মুখত) দূৰ্গা পূজা ২০২৫ আয়োজন কৰিব।

পাঁচ দিনীয়া এই উৎসৱত ধৰ্মীয় আচার-অনুষ্ঠানৰ লগতে অসমীয়া সংস্কৃতিৰ বৈভৱ আৰু চেন্নাইৰ আধ্যাত্মিক বৈচিত্ৰ্য একেলগে প্ৰদৰ্শিত হব। পূজাত অংশগ্ৰহণ কৰি মা দূৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ সকলো ভক্ত, শুভাকাংক্ষী আৰু নাগৰিকক আন্তৰিক আহ্বান জনোৱা হৈছে।

পূজাত বিশেষ স্মৰণিকা “অপৰাজিতা প্ৰকাশিত হব। এই উপলক্ষে প্ৰবন্ধ, কবিতা, নাটক, গীত আৰু চিত্ৰ আদি জমা দিবলৈ আহ্বান জনোৱা হৈছে। লগতে অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত বিজ্ঞাপনো আহ্বান কৰা হৈছে। সকলো ২০২৫ চনৰ ৩০ আগষ্টৰ ভিতৰত তলৰ ঠিকনাত প্ৰেৰণ কৰিব লাগিব-cdkishore@yahoo.co.in

সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰতিযোগিতা

সপ্তমী আৰু অষ্টমী (২৯ আৰু ৩০ ছেপ্তেম্বৰ): সন্ধিয়া গীত, নৃত্য আৰু ভজন প্ৰতিযোগিতা।

মহা নবমী (১ অক্টোবৰ): বিশেষ সাংস্কৃতিক অনুষ্ঠান।

অসম স্পিৰিচুৱেল ছ’চাইটী, চেন্নাইয়ে সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু উৎসৱত সাদৰ স্বাগতম জনাইছে।

Related News