NORTHEAST NOW (Assamese)
অসম

দুৰ্গা পূজা বিশেষ: ধাবাৰ গ্ৰাহকৰ লগতে মালিকৰো পলায়ন, ডিমৌত প্ৰশাসনৰ অভিযান

Posted by: হিতোজ্জ্বল চেতিয়া Updated by: হিতোজ্জ্বল চেতিয়া October 10, 2018 1:28 pm
dhaba

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানা এলেকাৰ একাংশ ধাবা আৰু মদৰ বিপণিত মঙলবাৰে নিশা জিলা প্ৰশাসন, আবকাৰী বিভাগ আৰু আৰক্ষীয়ে চলোৱা অতৰ্কিত অভিযানত গ্ৰাহকৰ লগতে কেইবাজনো মালিকেও পলায়ন কৰিছে।

সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈকে চলা অভিযানটোত অৱশ্যে বৃ্হৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে মুঠ ৬ জন লোকক আটক কৰিবলৈ সক্ষম হয়।

ডিমৌত অভিযানত উদ্ধাৰ হোৱা অবৈধ সুৰা। ছবি- নৰ্থ ইষ্ট নাও।

ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিতাইপুখুৰী আৰু ডিমৌ আঠাবাৰী পথৰ কাষত থকা ধাবাত এই অভিযান চলোৱা হৈছিল।

অভিযানকাৰী দলে জনোৱা মতে ৰাজমাই, ডিমৌ, শান্তিপুৰ, দিহাজান আৰু কচুমাৰীৰ ৫খন ধাবা, ৰাইচাইৰ আদৰ্শ চিকিৎসালয়ৰ সমীপৰ কেইবাখনো হোটেল আৰু কলিয়াপানীৰ এখন অবৈধ সুৰা বিপণিৰ পৰা বহু পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ কৰা হৈছে।

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত ডিমৌৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং আৰু সহযোগী চক্ৰ বিষয়া ইন্দিকা গগৈ, জিলা উপ-আৰক্ষী অধীক্ষক প্ৰফুল্ল সোণোৱাল আৰু জিলা আবকাৰী পৰিদৰ্শক অৰূপ কুমাৰ ভৰালীৰ নেতৃত্বত অভিযানটো চলিছিল।

আগন্তুক দুৰ্গা পূজাৰ সময়ত সুৰা-উদ্ভূত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জনাইছে।